এফালে জৰুৰীকালীন অৱস্থাঃ বিক্ষোভ, প্ৰদৰ্শনৰ পাছত শ্রীলংকা চৰকাৰৰ পৰা আটাইকেইজন মন্ত্ৰীৰে পদত্যাগ
বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ জনৰোষৰ পৰা বাচিবলৈ অৱশেষত শ্রীলংকা চৰকাৰৰ আটাইকেইজন মন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে। অৱশ্যে মহিন্দা ৰাজাপাক্ষেই প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি জানিব পৰা গৈছে। দেওবাৰে মাজনিশাৰ বৈঠকৰ পাছত ২৬ গৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ দিছে। সৰ্বকালৰ অভিলেখ ভাঙি হোৱা অৰ্থনৈতিক সংকটৰ বাবে দেশখনত এতিয়া খাবলৈ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। জৰুৰীকালীন অৱস্থা ঘোষণা হৈছে আৰু ক্ষুধাৰ্ত জনতাৰ হাহাকাৰ লাগিছে। মহিন্দা ৰাজাপাক্ষে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ, প্ৰদৰ্শন আৰম্ভ হৈছে।
দেওবাৰে সহস্ৰ জনতাই ৰাষ্ট্ৰপতি বাসভৱন ঘেৰাও কৰি প্ৰতিবাদ কৰিবলৈ যায়। যাৰ বাবে যোৱা ৩৬ ঘণ্টা ধৰি সান্ধ্য আইন জাৰি কৰা হৈছে। চৰকাৰৰ বিৰুদ্ধে জনৰোষ আৰু নাবাঢ়িবলৈ ফেচবুক, টুইটাৰ, হোৱাটছএপ আদিকে ধৰি ছ’চিয়েল মিডিয়া মঞ্চবোৰ শণিবাৰৰে পৰা বন্ধ কৰি থোৱা হৈছে। খাদ্য, ইন্ধন আৰু দৰৱৰ সংকটৰ বাবে ৰাজাপাক্ষে পৰিয়ালৰ বিৰুদ্ধে বাঢ়ি অহা জনৰোষৰ ভয়ত ৰাজাপাক্ষে পৰিয়ালৰ আন তিনিজন মন্ত্ৰী ক্ৰমে বিত্ত মন্ত্ৰী বাচিল, কৃষি দপ্তৰৰ দায়িত্বত থকা চামাল, খেল মন্ত্ৰী নমল ৰাজাপাক্ষেও পদত্যাগ কৰিছে। ২০১৯ চনত পুনৰ ক্ষমতালৈ অহা ৰাজাপাক্ষে পৰিয়ালক আতঁৰোৱাৰ দাবীত শণিবাৰ আৰু দেওবাৰে দ্বীপদেশখনত প্ৰৱল প্ৰতিবাদ হয়।