নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মতানৈক্য এৰি সকলো দলকে একগোট হোৱাৰ আহ্বান শ্বাহৰ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত সফল হ’বলৈ ৰাজনৈতিক মতানৈক্য পাহৰি আমি সকলোৱে এতিয়া একগোট হোৱাৰ সময়৷ নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত সর্বদলীয় বৈঠকত অধ্যক্ষতা কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সকলো দললৈ এই আহ্বান জনায়৷ বিজেপিৰ লগতে কংগ্রেছ, আম আদমী পার্টী আৰু বি এছ পি দল উপস্থিত থকা বৈঠকত গৃহমন্ত্রীগৰাকীয়ে ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিবলৈ চৰকাৰে গ্রহণ কৰা নীতি–নির্দেশনা সঠিক ৰূপায়ণ কৰাৰ ক্ষেত্রত চাৰিওটা দলৰ সহযোগিতা আশা কৰে৷ তেওঁ কয় যে এই সময়ত সকলো দলে ৰাজনৈতিক মতাদর্শ পাহৰি দিল্লীৰ জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰিবলৈ একগোট হৈ কাম কৰা উচিত৷ চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাসমূহ সঠিক ৰূপায়ণৰ ক্ষেত্রত প্রতিটো দলৰ কর্মীয়ে সহযোগ কৰিলে ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত সহজে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব বুলিও শ্বাহে উল্লেখ কৰে৷

ইফালে,সোমবাৰে সর্বদলীয় বৈঠকত গৃহমন্ত্রীগৰাকীয়ে ঘোষণা কৰে যে অনাগত দিনত দিল্লীৰ প্রতিগৰাকী বাসিন্দাৰ ক’ৰোনা টেষ্ট সম্পন্ন কৰা হ’ব৷ ইয়াৰ অংশস্বৰূপে ২০ জুনৰ পৰা ৰাজধানী দিল্লীত দৈনিক ১৮ হাজাৰকৈ লোকৰ ক’ৰোনা পৰীক্ষা আৰম্ভ হ’ব৷ উল্লেখ্য যে বিগত প্রায় চাৰি মাহ ধৰি সমগ্র বিশ্বক স্তব্ধ কৰি দিয়া মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ দেশত এতিয়াও উদ্বেগজনকভাৱে বৃদ্ধি হৈ থকাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সকলো দলৰ দিহা–পৰামর্শ গ্রহণ কৰিবলৈ সর্বদলীয় বৈঠকৰ আহ্বান জনাইছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি আৰু পৰহি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে মহামাৰীৰ পৰিস্থিতি সন্দর্ভত মত বিনিময়ত অংশ লোৱাৰ পূর্বে গৃহমন্ত্রী শ্বাহে আজি আহ্বান জনোৱা সর্বদলীয় বৈঠকত দিল্লীৰ লগতে উত্তৰ প্রদেশ আৰু হাৰিয়ানাৰ কিছু অঞ্চলত ক’ৰোনাৰ মোকাবিলাৰ বাবে গ্রহণ কৰা পদক্ষেপ সন্দর্ভতো আলোচনা কৰা হয়৷

উল্লেখ্য যে দিল্লীত এইপর্যন্ত মুঠ ৪১ হাজাৰ ব্যক্তি ক’ৰোনাত আক্রান্ত হৈছে৷ মহামাৰীৰ ফলত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৩০০গৰাকীলৈ বৃদ্ধি পাইছে৷ দেওবাৰে দিল্লীত এদিনতে সর্বাধিক ২,২২৪গৰাকী নতুন ক’ভিড–১৯ ৰোগী চিনাক্ত হৈছিল৷ ইফালে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে আজি এই কথা স্পষ্ট কৰে যে সংক্রমণৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আছে যদিও ৰাজধানী দিল্লীত পুনৰ লকডাউন ঘোষণাৰ কোনো পৰিকল্পনা নাই৷ ইফালে দেশত ক’ভিড–১৯ৰ দ্রুত সংক্রমণ অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত ১১,৫০০জনতকৈও অধিক লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিড–১৯ত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ক’ভিড–১৯ত আক্রান্ত হৈ বর্তমানে ১,৫৩,১০৬ জন লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে ১,৬৯,৭৯৮জন৷

You might also like