নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ সৈতে সম্পর্ক ছেদ কৰিব আমেৰিকাই

নিয়মীয়া বাৰ্তা ১৬ মেঃ ক’ৰোনা ভাইৰাছ সন্দর্ভত বিশ্ববাসীক সতর্ক কৰি দিয়া নাছিল চীনে৷ ক’ভিড–১৯ ভাইৰাছ য়ুহানৰ পৰীক্ষাগাৰত প্রস্তুত কৰা হৈছে–বেইজিঙৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপন কৰি চীনৰ সৈতে সকলো সম্পর্ক বিচ্ছিন্ন কৰাৰ ইংগিত দিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ চীনৰ ভূমিকাত অত্যন্ত হতাশ বুলি মন্তব্য কৰি দেশখনৰ ৰাষ্ট্রপতি ঝি জিনপিং সন্দর্ভত কয়, ‘তেখেতৰ সৈতে মই কোনো কথা নাপাতো৷’ উল্লেখ্য যে চলিত বর্ষৰ জানুৱাৰীতেই চীনৰ সৈতে এক বৃহৎ বাণিজ্য চুক্তি সম্পাদন কৰিছিল ড’নাল্ড ট্রাম্পে৷ সেই সময়ত চীনৰ ৰাষ্ট্রপতিক ভূয়সী প্রশংসাও কৰিছিল ট্রাম্পে৷ কিন্তু চীনৰ য়ুহানৰ পৰা সমগ্র বিশ্বত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিয়পি পৰাৰ তিনি মাহৰ পাছতে বেইজিং আৰু ৱাশ্বিংটনৰ পাছৰ সম্পর্কত আউল লাগিছে৷ কালি সম্প্রচাৰিত হোৱা ফক্স বিজনেছ নেটৱর্কৰ এটা সাক্ষাৎকাৰত জানুৱাৰীৰ এই বাণিজ্য চুক্তি বাতিল কৰাৰ ইংগিত দিলে মার্কিন ৰাষ্ট্রপতিয়ে৷ চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ কার্যতো ক্ষুব্ধ ড’নাল্ড ট্রাম্প৷ যাৰবাবে তেওঁ চীনৰ ৰাষ্ট্রপতিৰ সৈতে কোনো আলোচনা নকৰোঁ বুলি মন্তব্য কৰিলে৷ কিন্তু সম্পর্ক কিভাৱে শেষ কৰিব, এই কথাৰ স্পষ্ট উত্তৰ নিদি ট্রাম্পে কয়, ‘আমি অনেক সিদ্ধান্ত ল’ব পাৰোঁ৷ আমি সমস্ত সম্পর্ক ছিন্ন কৰিব পাৰোঁ৷ সেয়া কৰিলে কি হ’ব? ৫০০ বিলিয়ন ডলাৰ লোকচান হ’ব আমেৰিকাৰ৷’ উল্লেখ্য যে চীনৰ সৈতে প্রতিবছৰে প্রায় এই পৰিমাণৰ টকাৰ সামগ্রী আমদানি কৰে৷

You might also like