নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি আছে আমফানঃ আন্দামান ওড়িশা–বংগত হ’ব প্রচণ্ড ধুমুহা–বৰষুণ

নিয়মীয়া বাৰ্তা ১৬ মেঃ আহি আছে ঘূর্ণিবতাহ আমফান৷ দক্ষিণ–পূব বংগোপ সাগৰত নিম্নচাপ ক্রমশঃ বৃদ্ধি পাই দক্ষিণ বংগোপ সাগৰৰ মাজত অৱস্থান কৰিছে৷ দক্ষিণ আৰু মধ্য বংগোপ সাগৰত কাইলৈ সন্ধিয়া এই গভীৰ নিম্নচাপ ঘূর্ণিবায়ুত পৰিণত হ’ব৷ থাইলেণ্ডে এই ঘূর্ণিবতাহৰ নাম দিছে ‘আমফান’৷ দেওবাৰ পর্যন্ত আমফান উত্তৰ–পশ্চিম দিশে অগ্রসৰ হ’ব৷ আনহাতে সোমবাৰে ই দিশ সলনি কৰি উত্তৰ আৰু উত্তৰ–পূব দিশলৈ অগ্রসৰ হ’ব৷ ঘণ্টাত সর্বাধিক ৯০ কিলোমিটাৰ গতিবেগেৰে ওড়িশা, উত্তৰ অন্ধ্রপ্রদেশৰ উপকূল, আন্দামান আৰু পশ্চিমবংগত এই ভয়াৱহ ঘূর্ণিবতাহে খুন্দা মাৰিব৷ বতৰ বিজ্ঞান কেন্দ্রই ইতিমধ্যে কেউখন ৰাজ্যক সতর্ক কৰি দিছে৷ ধুমুহা–বতাহৰ ক্ষয়–ক্ষতিৰ পৰা ৰাইজক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে সষ্টম হৈ পৰিছে ৮খনকৈ ৰাজ্যৰ এন ডি আৰ এফ৷ মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ সকীয়াই দিয়া হৈছে৷

You might also like