নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহে ‘ৰসগোল্লা’ বৰ ভাল পায়, গাংগুলীৰ ঘৰত এসাজ খাওঁতেই চকু সকলোৰে

বিশেষ বাৰ্তা, ৭ মেঃ অমিত শ্বাহে ‘ৰসগোল্লা’ বৰ ভাল পায়, গাংগুলীয়ে যাতে তেওঁক উদৰ পুৰাই সেইবিধ মিঠাই খুৱাই পঠিয়ায়। এই কটাক্ষ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পশ্চিমবংগ ভ্ৰমণলৈ অহা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক শুকুৰবাৰে নৈশভোজলৈ মাতিলে প্ৰাক্তন ক্ৰিকেট তাৰকা তথা বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। গাংগুলীৰ ঘৰত অমিত শ্বাহৰ আগমনক লৈ সকলোৰে চকু পৰে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্টেইনজনৰ ঘৰত নিশা বিভিন্ন ধৰণৰ নিৰামিষ ব্যঞ্জনেৰে এসাজ খালে গৃহমন্ত্ৰীয়ে। তেওঁৰ লগত আছিল শুভেন্দু অধিকাৰী, অমিত মালভিয়াকে ধৰি কেবাজনো বিজেপি নেতা। শ্বাহৰ আগমনৰ পূৰ্বেই গাংগুলীয়ে স্পষ্ট কৰে যে এই সাক্ষাত ৰাজনৈতিক নহয়। তেওঁ অমিত শ্বাহক দশক আগৰ পৰা চিনি পায় আৰু শ্বাহৰ পুত্ৰ জয় শ্বাহ বিচিচিআইত তেওঁৰ সহকৰ্মী। তেনে হিচাপতেই এই নিমন্ত্ৰণ দিয়া হৈছে। উল্লেখনীয় যে, ২০১৫ চনত মমতাৰ সৈতে সৌৰভ গাংগুলীয়ে দেখা কৰা সময়তো ক্ৰিকেটাৰজনৰ ৰাজনীতিত প্ৰবেশ ঘটিব নেকি বুলি চৰ্চা হৈছিল।

You might also like