বন্ধৰ সফল সমাপ্তিৰ পিছতে প্ৰস্তাৱ, ৭ বজাত অমিত শ্বাহে সাক্ষাৎ কৰিব কৃষকক
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ কৃষকসকলে আজি কৃষি আইনৰ বিৰুদ্ধে দিয়া ভাৰত বন্ধৰ ইতিমধ্যে সমাপ্তি ঘটিছে। ভাৰত বন্ধৰ সফল সমাপ্তিৰ পিছতে ভাৰতৰ গৃহ বিভাগৰ পৰা আহিছে এক বিশেষ খবৰ। সেয়া হৈছে আজি সন্ধিয়া ৭ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৃষক নেতাসকলক সাক্ষাৎ কৰিব।
কৃষক নেতা ৰাকেশ টিকৈতে এই কথা জানিবলৈ দিছে। কালি ভাৰত চৰকাৰৰ লগত হ’ব লগা আলোচনাৰ প্ৰাক মুহূৰ্তত গৃহমন্ত্ৰী অমিত শ্বাহৰ এই সাক্ষাৎ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৰাকেশ টিকৈতৰ মতে, বৰ্তমান সকলো কৃষক দিল্লী সীমান্তৰ সিংঘুলৈ গৈ আছে। আজি সন্ধিয়া ৭ বজাত অমিত শ্বাহৰে সাক্ষাৎ হ’ব ১৪ বা ১৫গৰাকী কৃষক নেতাৰ। এই সাক্ষাৎ কৃষক আন্দোলনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি তেওঁ জানিবলৈ দিয়ে।