লতা মংগেশকাৰৰ অন্তিমক্ৰিয়াত কিয় উপস্থিত নাথাকিল বিগ-বি
বিশেষ বাৰ্তা, ৮ফেব্ৰুৱাৰীঃ কোকিলকণ্ঠী লতা মংগেশকাৰৰ অন্তিম ক্ৰিয়াত উপস্থিত নাথাকিল বিগ-বি অমিতাভ বচ্চন। কিন্তু কিয়? তাকে লৈয়ো চৰ্চা হৈছে। ৬ ফেব্ৰুৱাৰীৰ পুৱা ৯২ বছৰীয়া কিংবদন্তী শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ পাছত অজস্ৰ গুণমুগ্ধই পেদ্দাৰ ৰোডস্থিত লতা মংগেশকাৰৰ বাসভৱনলৈ ঢাপলি মেলে। তাৰে মাজত দেখা য়ায বিগ-বিকো। তেওঁ কন্যা শ্বেতা নন্দাৰ সৈতে গৈ লতা মংগেশকাৰৰ পৰিয়ালবৰ্গক দেখা কৰে আৰু তাৰে পৰাই উভতি আহে। লতাৰ নশ্বৰ দেহ কিছুসময় পাছত শেষকৃত্যৰ বাবে শিৱাজী পাৰ্কলৈ নিয়া হয়।
তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ থাকৰেই আৰু বলীউডৰ বহু তাৰকাই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেখা নাযায় অমিতাভ বচ্চনক। আচলতে কোভিড বিধি মানিয়ে শিৱাজী পাৰ্কৰ ভিৰৰ মাজলৈ যোৱাৰ পৰা আঁতৰি থাকে তেওঁ। লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও নজৰ ৰাখিয়ে তালৈ নাযায় বুলি জানিব পৰা গৈছে। লতাৰ মৃত্যুৰ পাছত বিগ-বচ্চনে নিজৰ ব্লগত বৰ আৱেগিক আৰু হৃদয়স্পৰ্শীকৈ কিছু কথা লিখে।