নিয়মীয়া বাৰ্তা, ২১মে’: আমফানে ওড়িশা আৰু পশ্চিম বংগত দেখুৱাইছে সংহাৰী ৰূপ। এই ঘূৰ্ণী বতাহত পশ্চিম বংগ আৰু ওড়িশাত প্ৰায় ১২ জন লোকৰ মৃত্যু হৈছে। কেইবাটাও অঞ্চলত বৃহৎ ক্ষতিসাধন হৈছে এই ঘূৰ্ণী বতাহত।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰা অনুসৰি, পশ্চিম বংগত এই ঘূৰ্ণি বতাহৰ ফলত দক্ষিণ বংগৰ অঞ্চলসমূহ অধিক ক্ষতি হৈছে ৷ লগতে সমগ্ৰ ৰাজ্যখন এতিয়া জাৱৰৰ দমৰ ওপৰত ঠিয় দি আছে ৷ ইপিনে মূষলধাৰ বৰষুণৰ ফলত পশ্চিম বংগত জলমগ্ন হৈ পৰিছে কেইবাটাও স্থান । লগতে বতাহ–বৰষুণৰ ফলত বাসগৃহৰ লগতে পথৰ বাহন সমূহৰো বিস্তৰ ক্ষতিসাধন হৈছে।অৱশ্যে ওড়িশা আৰু পশ্চিম বংগত ক্ষতিসাধন হোৱা অঞ্চলবোৰত ব্যাপক তৎপৰতাৰে এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযানত নামি পৰিছে ।