বেলা ডুবিছে, অপ্ৰাসংগিক হৈছে কংগ্ৰেছ, নৱ প্ৰভাত সম্ভৱনে?
বিশেষ বাৰ্তা, ১০মাৰ্চঃ কি হ’ব কংগ্ৰেছৰ ভৱিষ্যত! পাঁচ ৰাজ্যৰ নিৰ্বাচনত দেশৰ সবাতোকৈ পুৰণি দলটো একেবাৰে নিশ্চিহ্ন হোৱাৰ দিশে। উত্তৰ প্রদেশত আকৌ এবাৰ বিজেপিৰ বৃহৎ ব্যৱধানত জয় নিশ্চিত হৈছে। আনপিনে পাঞ্জাবত এইবাৰ কেজৰিৱালৰ আম আদমী পার্টীৰ জয়জয়কাৰ। আৰু সবাতোকৈ লজ্জিতভাৱে পাঁচ ৰাজ্যৰ নিৰ্বাচনত পিছুৱাই থাকিল কংগ্রেছ। ইভিএমক দুষি দিল্লীৰ ৰাজপথত প্ৰতিবাদত নামিল শতিকাপ্ৰাচীন দলটোৰ কৰ্মকৰ্তা। বেলা উঠাৰ লগে লগে আম আদমীৰ আৰু উত্থান হৈছে পাঞ্জাবত। ইপিনে, কংগ্রেছৰ প্রভাৱশালী প্রার্থীবোৰো পিছ পৰি ৰৈছে। আনকি কংগ্ৰেছী নেতা নৱজ্যোৎ সিং সিদ্ধু আৰু মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীও পিছ পৰি থাকিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙো এইবাৰ অতি লজ্জাজনকভাৱে মুখ থেকেচা খালে পটিয়ালাত। তেনে সময়ত পদত্যাগ পত্ৰ দিলে সিদ্ধুৱে। মুখ্যমন্ত্রী চন্নীও পদত্যাগ কৰিব বুলি খবৰ পোৱা গৈছে। একেদৰে উত্তৰাখণ্ডত কংগ্রেছে কিছু আশা কৰিছিল যদিও সেয়াও ধুলিসাৎ হ’ল। কংগ্ৰেছক বহু পিছ পেলাই আগুৱাইছে বিজেপি। ৭০ বিধানসভা আসনৰ ৪৪খনতে অগ্ৰগতি বিজেপিৰ। কংগ্রেছ আগুৱাইছে ২১খনত। গোৱাত আৰম্ভণিতে তীব্ৰ যুঁজ হ’লেও পাছলৈ আগুৱালে বিজেপি। ৪০ খন আসন থকা গোৱাত ২০ খনত আগুৱাইছে বিজেপি। ১২ খন আসনতে বহি ৰৈছে কংগ্রেছ। মণিপুৰতো কংগ্ৰেছৰ অৱস্থা তেনেই তথৈবচ।