নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত নির্মিত সামগ্রীহে বিক্রী হ’ব সেনাৰ কেণ্টিনত

প্রধানমন্ত্রীৰ ‘আত্মনির্ভৰ ভাৰত’ শ্লোগানক অনুকৰণ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনির্ভৰশীল ভাৰত অভিযান’ৰ আহ্বানক সঁহাৰি জনাই ভাৰতীয় সেনাৰ কেণ্টিনসমূহত দেশত নির্মিত সামগ্রীহে বিক্রীৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ অহা ১ জুনৰ পৰা দেশৰ সেনাৰ সকলো কেণ্টিনত ভাৰতত নির্মিত সামগ্রী বিক্রীৰ ব্যৱস্থা কৰিব ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে টুইটযোগে এই ইংগিত দিয়ে ৷ ‘ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীৰ প্রতি আহ্বান জনাইছিল আত্মনির্ভৰশীল হ’বলৈ আৰু স্থানীয় উৎপাদিত সামগ্রীৰ ওপৰত গুৰুত্ব দিবলৈ ৷ এই সিদ্ধান্তৰ জৰিয়তে ভাৰতে নিশ্চিতভাৱে সমাগত সময়ত আন্তঃৰাষ্ট্রীয় পর্যায়ত মহাশক্তিত পৰিণত কৰিব৷’ গৃহমন্ত্রী শ্বাহে এইদৰে কয়৷ উল্লেখ্য যে দেশৰ সেনাৰ কেণ্টিনসমূহত বছৰি ২৮০০ কোটি টকাৰ বিক্রী হয়৷ চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি, এছ এছ বি, এন এছ জি আৰু আসাম ৰাইফলছৰ বহু কেণ্টিন দেশত চলি আছে ৷

You might also like