নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত উপস্থিত হৈ আহত সেনা জোৱানৰ কাষত থিয় হ’ল সেনা প্ৰধান নৰৱানে

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ পূব লাডাখত চীন আৰু ভাৰতৰ উত্তেজনা তুংগত থকাৰ সময়তে আজি লাডাখত উপস্থিত হ’লগৈ সেনা প্ৰধান এম এম নৰৱানে । লাডাখত উপস্থিত হৈয়ে সেনা প্ৰধানগৰাকীয়ে লেহস্থিত সৈনিক হাস্পতাললৈ যায়, য’ত সংঘৰ্ষত আহত সেনা জোৱানসকলৰ চিকিৎসা চলি আছে ।

ইপিনে সেনা প্ৰধানগৰাকীয়ে গ্ৰাউণ্ড কামাণ্ডাৰ সকলৰ সৈতে এক আলোচনাত মিলিত হ’ব ।

উল্লেখ্য যে গলৱান ঘাটিত হোৱা আক্ৰমণৰ পাছত সেনা প্ৰধানগৰাকীৰ এয়া প্ৰথমটো লাডাখ ভ্ৰমণ । ইয়াৰ পূৰ্বে দেওবাৰে বায়ুসেনা প্ৰধান এয়াৰ চিফ মাৰ্চেল আৰকেএছ ভদোৰিয়াই লাডাখ ভ্ৰমণ কৰিছিল । ইপিনে সেনা প্ৰধান নৰৱানেৰ লাডাখ ভ্ৰমণসূচী দুদিনীয়া বুলি জানিব পৰা গৈছে ।

লক্ষণীয়ভাৱে এলএচিৰ মুঠ ৩,৪৮৮ কিলোমিটাৰ অঞ্চলত উত্তেজনা অব্যাহত থকা বুলি ভাৰতীয় সেনাৰ তৰফৰ পৰা ইতিমধ্যে সংবাদ মাধ্যমক জনোৱা হৈছে৷ চীনা সেনাৰ সমান্তৰালকৈ ভাৰতীয় সেনাবাহিনীয়ে এলএচিৰ স্পর্শকাতৰ অঞ্চলসমূহত অৱস্থান সুদৃঢ় কৰিছে৷

You might also like