নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিলেশলৈ মোক্ষম আঘাত, মুলায়মৰ পুত্রবধূৰ বিজেপিত যোগ

স্বামীপ্রসাদ মৌর্য, ধর্মসিংহ চাইনী, দাৰা সিং চৌহানৰ শিবিৰ সলনিৰে যি ‘খেল’ আৰম্ভ হৈছিল উত্তৰপ্রদেশত, এইবাৰ তাৰে দ্বিতীয় ইনিংছ। বিজেপিৰ পাছত এইবাৰ মোক্ষম আঘাত পালে অখিলেশ যাদৱৰ সমাজবাদী পার্টীয়ে। বুধবাৰে পদ্ম পতাকা তুলি ল’লে মুলায়ম সিং যাদৱৰ পুত্রবধূ অপর্ণা যাদৱে। মুলায়মৰ কণিষ্ঠ পুত্ৰ প্রতীক যাদৱৰ পত্নী অপর্ণাই যোগ দিলে বিজেপিত।

উত্তৰপ্রদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আৰম্ভ হৈছে দল সলনিৰ ৰাজনীতি। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পার্টীৰ পৰাই লক্ষ্মৌ কেন্টনমেন্ট কেন্দ্রৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল অপর্ণাই। কিন্তু সেইবাৰ কংগ্রেছ এৰি বিজেপিত যোগ দিয়া ৰীতা বহুগুণা জোশীৰ হাতত পৰাজিত হৈছিল তেওঁ। এইবাৰ বিজেপিৰ পৰা অৰ্পণাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু।

You might also like