নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ভাৰতীয় ধ্রুপদী নৃত্যৰ বিশেষজ্ঞ, সত্রীয়া সংস্কৃতিৰ বিশিষ্ট সাধক পদ্মশ্রী সুনীল কোঠাৰীৰ আজি দেহাৱসান ঘটে৷ হূদৰোগত আক্রান্ত হৈ দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা কোঠাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ৷ এমাহ পূর্বে বিশিষ্ট নৃত্য বিশেষজ্ঞগৰাকী আক্রান্ত হৈছিল ক’ভিড–১৯ত৷ ইয়াৰ পাছতে ক’ভিডৰ পৰা সুস্থ হৈ উঠে যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ এছিয়ান গেমছ ভিলেজত থকা তেওঁৰ বাসগৃহত চিকিৎসকৰ পৰামর্শ অনুসৰি জিৰণি লৈ আছিল যদিও আজি পুৱা হূদৰোগত আক্রান্ত হয়৷ লগে লগে তেওঁক দিল্লীৰ এখন হাস্পতালত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ লগে লগে দেশৰ সাংস্কৃতিক জগতত সৃষ্টি হ’ল এক বৃহৎ শূন্যতা৷ অৱশ্যে জীৱনকালত ভাৰতীয় ধ্রুপদী নৃত্যৰ সাধনাৰে তেওঁ নৱপ্রজন্মৰ বাবে এৰি গ’ল সাগৰসম অৰিহণা৷ ১৯৩৩ চনৰ ২০ ডিচেম্বৰত মুম্বাইত জন্মলাভ কৰা কোঠাৰী পেছাগতভাৱে এগৰাকী চার্টাড একাউণ্টেণ্ট৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁ ভাৰতীয় নৃত্যসমূহৰ ওপৰত অধ্যয়ন কৰাত মনোনিৱেশ কৰে৷ বিশিষ্ট নৃত্য বিশেষজ্ঞগৰাকীয়ে ৰবীন্দ্র ভাৰতী বিশ্ববিদ্যালয়ত উদয় শংকৰ চকীত অধিষ্ঠিত হোৱাৰ লগতে তেওঁ নিউয়র্ক বিশ্ববিদ্যালয়ৰ নৃত্য বিভাগত অধ্যাপনা কৰিছিল৷ জীৱনকালত ভাৰতীয় ধ্রুপদী নৃত্যৰ ওপৰত তেওঁ ৰচি গৈছে ২০খনতকৈও অধিক গ্রন্থ৷ অসমৰ সত্রীয়া নৃত্য, ভাৰত নাট্যম, ওডিচী, কথক, কুচিপুড়ীকে ধৰি বিভিন্ন নৃত্যৰ ওপৰত এই গ্রন্থসমূহ তেওঁ ৰচনা কৰিছিল৷ দেশৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে তেওঁক কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছিল৷ সংগীত নাটক একাডেমী বঁটা (১৯৯৫), গুজৰাট সংগীত নাটক একাডেমীৰ গৌৰৱ পুৰস্কাৰ (২০০০), ভাৰত চৰকাৰৰ পদ্মশ্রী সন্মান (২০০১)কে ধৰি বিভিন্ন সন্মানেৰে তেওঁ সন্মানিত হৈছিল৷ ২০১১ চনত মার্কিন যুক্তৰাষ্ট্রৰ নিউয়র্কস্থিত ডেন্স ক্রিটিক এছ’চিয়েচনে সুনীল কোঠাৰীক জীৱনজোৰা সাধনা বঁটাও প্রদান কৰিছিল৷ উল্লেখ্য যে অসমৰ সত্রীয়া সংস্কৃতিৰ ওপৰত তেওঁ লিখা গ্রন্থই সত্রীয়া নৃত্যক ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত প্রচাৰ আৰু প্রসাৰ কৰাত যথেষ্ট সহায় কৰিছিল৷ সত্রীয়া সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্রত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে এইগৰাকী বিশিষ্ট নৃত্য সাধকক মাধৱদেৱ বঁটাৰে সন্মানিত কৰিছিল৷ কোঠাৰীৰ বিয়োগত দেশৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷
মুখ্যমন্ত্রী সোণোৱালৰ গভীৰ শোক প্রকাশ
ভাৰতীয় ধ্রুপদী নৃত্যৰ বিশেষজ্ঞ, মাধৱদেৱ বঁটাপ্রাপক সুনীল কোঠাৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত প্রয়াত কোঠাৰীয়ে সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা অৱদান সকলোৱে শ্রদ্ধাৰে স্মৰণ কৰিব৷ কোঠাৰীৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি সোণোৱালে কয়– ‘পদ্মশ্রী সুনীল কোঠাৰীয়ে আমাৰ সত্রীয়া সংস্কৃতিৰ প্রসাৰ আৰু প্রচাৰৰ বাবেও গুৰুত্বপূর্ণ অৰিহণা যোগাই গৈছে৷ তেওঁ লিখা গ্রন্থৰ জৰিয়তে অসমৰ সত্রীয়া সংস্কৃতিৰ প্রসাৰৰ ক্ষেত্রত বিশেষ মাত্রা সংযোজন কৰিছে৷’ মুখ্যমন্ত্রীগৰাকীয়ে প্রয়াত সুনীল কোঠাৰীৰ বিদেহ আত্মাৰ চিৰশাস্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷