নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত অনুপ্রৱেশকাৰী পিএলএৰে মুখামুখি ভাৰতীয় সেনাৰ টহলদাৰী দলৰ

তীব্র উত্তেজনাঃ ইষ্টার্ন এয়াৰ কমাণ্ডৰ ঘাটি পৰিদর্শন এয়াৰ চীফ মার্শ্বাল ভাডাউৰিয়াৰ

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  লাডাখত ভাৰত–চীনৰ সংঘাত তীব্রতৰ হৈ উঠাৰ সময়তে এইবাৰ অৰুণাচল প্রদেশ সংলগ্ণ পূব সীমান্তক লক্ষ্য কৰি লৈছে ড্রেগন বাহিনীয়ে৷ সামৰিক পর্যায়ত অব্যাহত থকা আলোচনাৰ চর্ত কার্যতঃ উলংঘা কৰি ব্যাপক সমৰসজ্জাৰে পূব সীমান্তত ৰঙা চীনে যুদ্ধংদেহি মনোভাব গ্রহণ কৰিছে৷ বিগত জুন মাহৰ পৰা চীনৰ আগ্রাসী সেনাবাহিনী পি এল এৰ অনুপ্রৱেশ ঘটিছে অৰুণাচল প্রদেশৰ ভূ–খণ্ডত৷ এই তথ্য খোদ পূব অৰুণাচল প্রদেশ লোকসভা সমষ্টিৰ সাংসদ টাপিৰ গাৱে সদৰী কৰি আহিছে৷ বিষয়টোক লৈ ব্যাপক চাঞ্চল্য সৃষ্টি হোৱাৰ মাজতে অতি শেহতীয়াকৈ যোৱা বৃহস্পতিবাৰে পুনৰ পি এল এৰ এটা দলে অৰুণাচল প্রদেশৰ মাটিত প্রৱেশ কৰাৰ বাতৰি প্রকাশ পাইছে৷ ইটানগৰৰ পৰা প্রকাশিত বাতৰি অনুসৰি অনুপ্রৱেশকাৰী পি এল এৰ দলটো ভাৰতীয় সেনাবাহিনীৰ টহলদাৰী দলৰে মুখামুখি হৈছিল৷ অৱশ্যে এই সময়ছোৱাত কোনোধৰণৰ হিংসাত্মক ঘটনা বা সংঘাত সৃষ্টি নহ’ল৷ কিন্তু ভাৰতৰ সীমাৰ ভিতৰত পি এল এৰ অনুপ্রৱেশ ঘটাটো সাম্প্রতিক পৰিস্থিতিত যথেষ্ট চিন্তনীয় ৰূপে বিবেচিত হৈছে৷ সমগ্র বিষয়টো সন্দর্ভত সাংসদ গাৱে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা জুলাই মাহত অৰুণাচল প্রদেশৰ দিবাং উপত্যকাৰ অন্তর্গত আণ্ড্রা থং এলেকাত দুয়োপক্ষৰ সেনাবাহিনীৰ টহলদাৰী দলৰ মুখামুখি হৈছিল৷ অৱশ্যে সেই সময়ত কোনোধৰণৰ সংঘাত সৃষ্টি নহ’ল৷ যোৱা জুন আৰু জুলাই মাহত দিবাং উপত্যকাত এনেধৰণৰ ঘটনা বহুবাৰ সংঘটিত হৈছিল৷ চীনা সৈন্যৰ দলে ভাৰত ভূ–খণ্ডত প্রৱেশ কৰাটো এতিয়া প্রায় নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ ইয়াত নতুনত্ব একো নাই৷ সাংসদ গাৱে দাবী কৰা মতে, আঞ্জ জিলাৰ ৱাংলং আৰু চাগালাগাম অঞ্চল এতিয়া যথেষ্ট স্পর্শকাতৰ হৈ পৰিছে৷ উল্লেখ্য যে দিবাং উপত্যকাৰ আণ্ড্রা থং এলেকাতো আণ্ড্রেলা গিৰিপথৰ পৰা প্রায় ১০ কিলোমিটাৰ দূৰত অৱস্থিত৷ যোৱা বছৰ চীনা আৰু ভাৰতীয় সেনাবাহিনীয়ে একাধিকবাৰ মুখামুখি হোৱাক কেন্দ্র কৰি আণ্ড্রেলা উপত্যকাই বাতৰিৰ শিৰোনাম দখল কৰিছিল৷ আনকি যোৱা জুন মাহতো এনেধৰণৰ এক ঘটনাক কেন্দ্র কৰি সীমান্তত বিৰাজ কৰিছিল কিছু উত্তেজনা৷ আই বিৰ এক শীর্ষস্থানীয় সূত্রৰ উদ্ধৃতিৰে প্রকাশিত বাতৰিত উল্লেখ কৰা অনুসৰি ভাৰতীয় সেনাবাহিনীৰ দলে নিয়মীয়া টহল অব্যাহত ৰখাৰ সময়তে হঠাৎ চীনা সৈন্যৰ মুখামুখি হয়৷ সেই সময়ত দুয়োপক্ষৰ মাজত সূচনা হৈছিল তর্ক আৰু যুক্তিযুদ্ধৰ৷ অৱশ্যে দুয়োপক্ষৰ মাজত কোনোধৰণৰ হিংসাত্মক ঘটনাৰ সূত্রপাত নহ’ল৷ দুয়োপক্ষই নিজৰ নিজৰ দেশৰ পতাকা দেখুৱাই সীমাৰ ভিতৰলৈ সোমাই গৈছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আগ্রাসী ৰঙা চীনক যিকোনো পৰিস্থিতিতে প্রতিহত কৰিবলৈ ইতিমধ্যে অৰুণাচল প্রদেশ সীমান্তত কেন্দ্রীয় চৰকাৰে অতিৰিক্ত বাহিনী মোতায়েন কৰিছিল৷ সীমান্ত সুৰক্ষা বাহিনীৰ (এছ এছ বি) তেজপুৰস্থিত ফ্রণ্টিয়াৰ হেড কোৱার্টাৰৰ ডি আই জিয়ে (অপাৰেচন) পশ্চিম কামেং জিলাৰ শ্বেৰগাঁও আৰু ডিৰাং, অসম সীমান্তৱর্তী ভৈৰৱকুণ্ডৰ লগতে টাৱাং, ডি নগৰ আৰু লালপুলত অতিৰিক্ত কোম্পানী মোতায়েনৰ নির্দেশ দিছে৷ ইফালে সম্ভাব্য পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মেকমোহন লাইনত ভাৰতীয় প্রতিৰক্ষা বাহিনীক সাজু থাকিবলৈ সতর্ক কৰি দিয়া হৈছে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি চীনে এইবাৰ অৰুণাচল প্রদেশৰ দিবাং উপত্যকা আৰু আপাৰ চিয়াং জিলাক লক্ষ্য কৰি ল’ব পাৰে৷ সেয়েহে এই অঞ্চলটোৰ লগতে সমগ্র মেকমোহন লাইনত সতর্কতা জাৰি কৰা হৈছে৷ তদুপৰি দিবাং উপত্যকাত বিশেষ বাহিনীৰ ইউনিট মোতায়েন কৰাৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশৰ ৱালং, আলো, টুটিং, পাছিঘাট আৰু বিজয় নগৰত সক্রিয় কৰি তোলা হৈছে এডভান্সড্ লেণ্ডিং গ্রাউণ্ড৷
সীমান্তৰ ইষ্টার্ন কমাণ্ডৰ ঘাটিত বায়ুসেনাৰ মুৰব্বী, দুদিনীয়া কার্যসূচীৰে লাডাখত স্থলসেনাৰ মুৰব্বী
ভাৰত–চীন সীমান্তত সশস্ত্র বাহিনীক হাই এলার্ট কৰাৰ পাছতেই আজি বায়ুসেনা বাহিনীৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাদাউৰীয়াই ইষ্টার্ন কমাণ্ডৰ বায়ুসেনা ঘাটি পৰিদর্শন কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ আৰু ছিকিমস্থিত ইষ্টার্ন কমাণ্ডৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ এয়াৰ চীফ মার্শ্বালগৰাকীয়ে কমাণ্ডাৰসকলৰ সৈতে বৈঠকত মিলিত হৈ প্রস্তুতি সন্দর্ভত আলোচনা কৰে৷ তদুপৰি বায়ু যোদ্ধাসকলৰ সৈতে অন্তৰংগ আলাপ কৰে এয়াৰ চীফ মার্শ্বালগৰাকীয়ে৷ ইপিনে দুদিনীয়া কার্যসূচীৰে লাডাখত উপস্থিত হৈছে স্থলসেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে৷ লাডাখ সীমান্তত যোৱা জুনৰ পৰা চীনৰ সৈতে সংঘাতৰ বাবেই সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে স্থলসেনাৰ মুৰব্বী নাৰাৱানে লাডাখত উপস্থিত হৈ এল এ চিৰ পৰিস্থিতি সন্দর্ভত বুজ লয়৷ সেনাৰ সূত্রই প্রকাশ কৰা মতে, আজি স্থলসেনাৰ মুৰব্বী জেনেৰেল নাৰাৱানে জ্যেষ্ঠ কমাণ্ডাৰসকলৰ সৈতে মিলিত হৈ এল এ চিৰ সাম্প্রতিক পৰিস্থিতিক লৈ আলোচনা কৰে৷ কাইলৈৰ দিনটোত জেনেৰেল নাৰাৱানে জ্যেষ্ঠ কমাণ্ডাৰৰ সৈতে সীমান্ত পৰিদর্শন কৰাৰ সম্ভাৱনা আছে৷ ইপিনে চীনা সৈন্যই পাংগং ছ’ত অৱস্থান কৰি ভাৰতীয় ভূমি দখলৰ অপচেষ্টা ভাৰতীয় সেনাই প্রতিহত কৰাৰ পাছত পাংগং ছ’ৰ উচ্চতাত নিজৰ আধিপত্য দখল কৰিবলৈ সক্ষম হৈছে৷ তথ্য মতে, পাংগং ছ’ৰ দক্ষিণ আৰু উত্তৰ পাৰত ভাৰতীয় সেনাই চীনা সৈন্যক প্রত্যাহ্বান জনাই আধিপত্য দখল কৰি আছে৷ অৱশ্যে চীনৰ পি এল এই এতিয়াও ফিংগাৰ ফ’ৰৰ নিয়ন্ত্রণ নিজৰ অধীনতেই ৰাখিবলৈ সক্ষম হৈ আছে৷

You might also like