নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইলটৰ শিবিৰক আদৰি ল’ব অশোক গেহলটে

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: ৰাজস্থানৰ জয়পুৰত শচীন পাইলটসহ ১৯গৰাকী বিদ্রোহী কংগ্রেছী বিধায়ক উপস্থিত হোৱাৰ পাছতে ৰাজ্যখনৰ চৰকাৰত চলি থকা অচলাৱস্থাৰ অন্ত পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কালি শচীন পাইলটে গেহলট চৰকাৰত কোনো ধৰণৰ পদবী দাবী নকৰে বুলি ঘোষণা কৰাৰ এদিন পাছতে   মুখ্যমন্ত্রী গেহলটে জয়ছালমেৰত উল্লেখ কৰিছে যে ঐক্যবদ্ধভাৱে ৰাজস্থানৰ জনসাধাৰণৰ সেৱাত তেওঁ কাম কৰি যাব৷ বিদ্রোহী বিধায়কসকলক পুনৰ দলত আদৰি ল’ব বুলি ইংগিত দি গেহলটে মন্তব্য কৰিছে যে গণতন্ত্র ৰক্ষাৰ স্বার্থত এই কাম তেওঁ কৰিবলৈ আগ্রহী৷

উল্লেখনীয় যে জয়ছালমেৰৰ হোটেলত প্রায় এমাহ ধৰি আবদ্ধ হৈ থকা কংগ্রেছ বিধায়কসকলে গণতন্ত্র ৰক্ষাৰ স্বার্থতেই ইয়াক সহ্য কৰিছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্রী গেহলটে৷ স্মর্তব্য যে সোমবাৰে শচীন পাইলটে ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্রাৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতে ৰাজস্থান কংগ্রেছত সৃষ্টি হোৱা সংকটৰ অৱসান ঘটাটো নিশ্চিত হৈ পৰিছিল৷ আগন্তুক ১৪ আগষ্টৰ পৰা ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ গুৰুত্বপূর্ণ অধিৱেশনৰ পূর্বে দলীয় সংকটৰ অৱসান ঘটাই গেহলট আৰু শচীন পাইলটৰ শিবিৰ ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ অৱশ্যে এতিয়াও জয়ছালমেৰ ত্যাগ কৰা নাই গেহলট আৰু তেওঁৰ শিবিৰৰ বিধায়কসকলে৷ ইতিমধ্যে কংগ্রেছৰ তিনিগৰাকী জ্যেষ্ঠ নেতাক লৈ গঠিত এক কমিটীয়ে ৰাজস্থান কংগ্রেছত সৃষ্টি হোৱা সংকট সন্দর্ভত পর্যালোচনা কৰাৰ সিদ্ধান্ত লৈছে৷

You might also like