নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ সভাপতি পদৰ যুঁজত থাৰুৰ–গেহলট

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: প্রায় তিনি দশক পিছত গান্ধী– নেহৰু পৰিয়ালৰ বাহিৰৰ ব্যক্তিয়ে কংগ্রেছৰ নেতৃত্ব লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ বর্তমানলৈ কংগ্রেছৰ সভাপতি নির্বাচনৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই এইবাৰ প্রতিদ্বন্দ্বিতা নকৰে বুলি দলৰ একাংশ নেতাই ঘোষণা কৰি আহিছে৷ অৱশ্যে ৰাহুল গান্ধীক সভাপতি পদত বিচাৰি এতিয়ালৈকে কংগ্রেছৰ সাতখন প্রদেশ কমিটীয়ে প্রস্তাৱ গ্রহণ কৰিছে৷ তথাপি ৰাহুলে নিজৰ স্থিতি সলনি নকৰে বুলি ইংগিত দি আছে৷ গতিকে কংগ্রেছ সভাপতি পদৰ বাবে নির্বাচন হ’লে এইবাৰ গান্ধী–নেহৰু পৰিয়ালৰ বাহিৰৰ নেতাই শীর্ষ নেতৃত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷ এই পর্যন্ত কংগ্রেছৰ অভ্যন্তৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা এটা কথা স্পষ্ট যে সভাপতি নির্বাচনত প্রত্যক্ষভাৱে প্রতিদ্বন্দ্বিতাত নামিব তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰ৷ আনফালে থাৰুৰক প্রত্যাহ্বান জনোৱাৰ ইংগিত দিছে ৰাজস্থানৰ মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা অশোক গেহলটে৷ ১৭ অক্টোবৰত কংগ্রেছৰ সভাপতি নির্বাচন৷ আগন্তুক শনিবাৰৰ পৰা আৰম্ভ হ’ব মনোনয়ন পত্র দাখিল প্রক্রিয়া৷ শশী থাৰুৰে যে মনোনয়ন দাখিল কৰিব সেয়া একপ্রকাৰ নিশ্চিত৷ লক্ষণীয়ভাৱে কালি কংগ্রেছৰ অন্তর্ৱর্তী সভানেত্রী ছোনিয়া গান্ধীকো সাক্ষাৎ কৰিছে থাৰুৰে৷ দলত সুস্থ নির্বাচন প্রক্রিয়াৰ পক্ষত সদায় সৰৱ হৈ আহিছে শশী থাৰুৰ৷ নেতাগৰাকীৰ মতে সুস্থভাৱে নির্বাচন অনুষ্ঠিত হ’লে দলৰ সাংগঠনিক ভেটি শক্তিশালী হ’ব৷ স্মর্তব্য যে ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে ৰাহুল গান্ধীকে পুনৰ দলৰ সভাপতি হিচাপে বিচাৰি আছে৷ কিন্তু ৰাহুলে নিজৰ স্থিতিত অটল হৈ থকাৰ পিছত একাংশ কংগ্রেছীয়ে গেহলটক থাৰুৰৰ প্রতিদ্বন্দ্বী হিচাপে প্রক্ষেপ কৰিব বিচাৰিছে৷

You might also like