যান–বাহনৰ বাবে এছিয়াৰ দীর্ঘতম হাইস্পীড ট্রেক মুকলি ভাৰতৰ
নিয়মীয়া বাৰ্তা ৩০ জুনঃ এছিয়াৰ দীর্ঘতম তথা বিশ্বৰ পঞ্চম দীর্ঘতম হাইস্পীড ট্রেক মুকলি হ’ল ভাৰতত৷ যান–বাহনৰ কাৰণে এছিয়াৰ দীর্ঘতম এই নেটৰেক্স–হাইস্পীড ট্রেক (এইচ এছ টি) মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্রীয় উদ্যোগমন্ত্রী প্রকাশ জাভাড়েকাৰে৷ ১০০০ একৰ ভূমি সাঙুৰি নির্মাণ কৰা এইচ এছ টিত দুচকীয়া বাহনৰ পৰা গধুৰ ট্রেক্টৰ ট্রেইলাৰকে ধৰি বিভিন্ন যান–বাহনৰ হাইস্পীড নির্ধাৰণ কৰা হ’ব৷ বিশ্বমানৰ ১১.৩ কিলোমিটাৰ হাইস্পীড ট্রেক মুকলি কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে ভাৰত যান–বাহন, নির্মাণ আৰু স্পেয়াৰ পার্টছৰ হাব হৈ পৰিছে৷
আত্মনির্ভৰ ভাৰতৰ দিশে দ্রুতগতিত আগবাঢ়ি থকা ভাৰত সকলো দিশতে সঠিক দিশে আগুৱাই গৈ আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাৰতক যান–বাহন নির্মাণৰ হাব হিচাপে গঢ়ি তোলাৰ স্বপ্ণ দিঠকত পৰিণত কৰাৰ বাবে তেওঁৰ মন্ত্রালয় প্রতিশ্রুতিবদ্ধ বুলিও কয় মন্ত্রীগৰাকীয়ে৷ যান–বাহন আৰু নির্মাণ খণ্ডৰ উদ্যোগ সম্প্রসাৰিত কৰিলে সংস্থাপন বৃদ্ধি হয় বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷
উল্লেখ্য যে এই মুকলি অনুষ্ঠানত কেন্দ্রীয় ৰাজ্যিক গধুৰ উদ্যোগ আৰু ৰাজহুৱা এণ্টাৰপ্রাইজৰ মন্ত্রী অর্জুনৰাম মেঘৱালো উপস্থিত থাকে৷ তাৎপর্যপূর্ণ যে মুকলি কৰা হাইস্পীড ট্রেকত বি এম ডব্লিউ, মার্চিডিজ, অ’ডি, ফেৰাৰী, লেম্বৰগিনি, টেছলা আদি উচ্চ গতিসম্পন্ন গাড়ীৰ উচ্চতম গতি নির্ধাৰণ কৰিব পৰা যাব৷ ইয়াৰ পূর্বে ভাৰতত এই গাড়ীসমূহৰ উচ্চতম গতি নির্ধাৰণ কৰা কোনো ট্রেক নাছিল৷