নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী কেবিনেটঃ অসম–অৰুণাচলৰ ২৩৭৪ গাঁৱৰ ম’বাইল প্রকল্পলৈ ২০২৯ কোটি

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসম আৰু অৰুণাচল প্রদেশৰ ২,৩৭৪খন গাঁৱত ম’বাইল নেটৱর্ক স্থাপনৰ বাবে ইউ এছ অ’ এফ আঁচনিৰ অধীনত ২০২৯ কোটি টকাৰ অনুমোদন দিছে কেন্দ্রীয় কেবিনেটে৷ আজি কেন্দ্রীয় কেবিনেটে ম’বাইল নেটৱর্কে সাঙুৰি নোলোৱা অসমৰ কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৬৯১ গাঁও, অৰুণাচল প্রদেশৰ ১,৬৮৩ গাঁৱত ম’বাইল নেটৱর্ক প্রকল্পৰ বাবে ২,০২৯ কোটি টকা অনুমোদন জনায়৷ ইউ এছ অ’ এফ (ইউনিভার্ছেল ছার্ভিচ অব্লিগেচন ফাণ্ড) আঁচনিৰ অধীনত নির্মাণ কৰিবলগীয়া এই প্রকল্পটো ২০২২ চনৰ ডিচেম্বৰত সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ মুকলি নিবিদা প্রক্রিয়াৰ জৰিয়তে অসম আৰু অৰুণাচল প্রদেশৰ এই গাঁওকেইখনত ৪জি ম’বাইল সেৱা নেটৱর্কেৰে সংযোগ স্থাপন কৰা হ’ব৷

উল্লেখ্য যে অৰুণাচল প্রদেশৰ দুর্গম অঞ্চলৰ উল্লিখিত গাঁওকেইখনৰ লগতে অসমৰ কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৬ শতাধিক গাঁৱত ম’বাইল নেটৱর্কৰ ব্যৱস্থা নাই৷ ডিজিটেল সংযোগেৰে অঞ্চলটোক সকলো দিশতে সমৃদ্ধিশালী কৰিবলৈ কেন্দ্রীয় চৰকাৰে কম্প্রিহেনচিভ টেলিকম ডেভেলপমেণ্ট প্লেন (চি টি ডি পি) আৰু নর্থ–ইষ্টার্ন ৰিজনৰ (এন ই আৰ) অধীনত ইউ এছ অ’ এফ আঁচনিৰ জৰিয়তে এই ম’বাইল নেটৱর্ক প্রকল্প স্থাপন কৰা হ’ব৷ ইপিনে আজি ১৪খন ৰাজ্যলৈ ৰাজহ ঘাটি অনুমোদনৰ ৬,১৯৫ কোটি টকা মুকলি কৰি দিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৰাজহ পঞ্চদশ বিত্ত আয়োগৰ অন্তর্ৱর্তীকালীন অনুমোদনৰ আধাৰত কেন্দ্রীয় চৰকাৰে ১৪খন ৰাজ্যলৈ উক্ত ধনখিনি মুকলি কৰি দিয়া বুলি ঘোষণা কৰিছে৷ এই ১৪ ৰাজ্যৰ ভিতৰত অসমলৈ ৬৩,১৫৮.৩৩ লাখ মুকলি কৰি দিছে কেন্দ্রই৷ বাকী ৰাজ্যকেইখন হৈছে– নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্রিপুৰা, ছিকিম, অন্ধ্রপ্রদেশ, হিমাচল প্রদেশ, কেৰালা, পঞ্জাব, তামিলনাডু, উত্তৰাখণ্ড আৰু পশ্চিমবংগ৷

You might also like