নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এষ্ট্র’টক’ ষ্টার্টআপৰ প্রতিদিনে উপার্জন ৪১ লাখ টকা

বিজ্ঞান আৰু জ্যোতিষশাস্ত্র একাকাৰ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ আধুনিক বিজ্ঞানে মানৱ জাতিৰ মাজত পৰম্পৰাগতভাৱে চলি অহা অনেক ধর্মীয় বিশ্বাসৰ ওপৰত আঘাত হানিবলৈ সক্ষম হৈছে যদিও মানুহৰ মনত দৃঢ়ভাৱে সোমাই থকা ধর্মীয় ধাৰণা বিশ্বাসক আঁতৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আধুনিক বিজ্ঞানৰ সকলো সা–সুবিধা, বিলাসৰ সংগী হৈও মানুহে পুৰণি ধাৰণাক খামোচ মাৰি ধৰি আছে৷ কার্যতঃ মানুহৰ অতীত আৰু ভৱিষ্যতৰ ধাৰণাক লৈ জ্যোতিষ শাস্ত্রই চলাই থকা প্রচাৰ এৰিব পৰা নাই মানুহে৷ বিজ্ঞান আৰু ধর্মীয় বিশ্বাস একাকাৰ হৈ চলি আছে৷ জ্যোতিষ ষ্টার্টআপ এটাই মানুহৰ ভৱিষ্যৎ গণনা কৰি থকাৰ তথ্য ব্যাপক হাৰত চর্চিত হৈ পৰিছে৷ দেশত অনেক জ্যোতিষ ষ্টার্টআপে মানুহৰ অৱচেতন মনৰ ধাৰণাক আগবঢ়াই নি এক প্রপাৰ ব্যৱসায় চলাই আছে৷ জীৱনৰ গতিত আগবাঢ়ি যাওঁতে বাধা পোৱা সমস্যাসমূহ আঁতৰ কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ ৰেঙনি দি থকা ষ্টার্টআপসমূহ বয়োজ্যেষ্ঠ লোকৰ মাজতেই জনপ্রিয় নহয়৷ ই আধুনিক বিজ্ঞানৰ সংগী যুৱ সমাজৰ মাজতো জনপ্রিয় হৈ পৰিছে৷

দেশৰ জ্যোতিষ ষ্টার্টআপৰ অন্যতম জনপ্রিয় ‘এষ্ট্র’টক৷’ এই ষ্টার্টআপটোৰ প্রতিদিনে উপার্জন ৪১ লাখ টকা৷ আচৰিত যেন লাগিলেও প্রতি মাহতেই এই ‘এষ্ট্র’টক’ৰ সহায় লোৱা লোকৰ সংখ্যা বর্ধিত হৈ আছে৷ তথ্য মতে, ‘এষ্ট্র’টক’ৰ গ্রাহক হৈছে ২ কোটিতকৈ অধিক৷ বিগত ৪ বছৰে এই ষ্টার্টআপটোৱে প্রতিদিনে ৪১ লাখ টকাকৈ উপার্জন কৰি আছে৷ প্রতিমাহেই এই ষ্টার্টআপটোৰ গ্রাহকৰ সংখ্যা ২০ শতাংশ বৃদ্ধি পাই আছে৷ সাধাৰণতে বয়োজ্যেষ্ঠ কিম্বা ৪০ৰ ঊর্ধ্বৰ লোক জ্যোতিষ ষ্টার্টআপৰ গ্রাহক বুলি ভবা হয় যদিও এই ‘এষ্ট্র’টক’ৰ গ্রাহকৰ সংখ্যা যুৱই অধিক৷ ২১ বছৰৰ পৰা ৩৫ বছৰীয়া যুৱই এই ষ্টার্টআপটোৰ জৰিয়তে নিজৰ ভৱিষ্যৎ গণনাৰ কৰাৰ প্রতি আগ্রহী৷ ষ্টার্টআপটোৰ জৰিয়তে প্রায় ৩০ শতাংশই নিজৰ কেৰিয়াৰ সন্দর্ভত জানিবলৈ আগ্রহী হোৱাৰ বিপৰীতে ৬০ শতাংশই প্রেম, সম্পর্ক আৰু বিবাহ সম্পর্কে জ্ঞান লয়৷ আনপিনে, ১০ শতাংশই স্বাস্থ্য, সম্পত্তি আৰু বিত্ত সন্দর্ভত জানিবলৈ বিচাৰে৷ জ্যোতিষ শাস্ত্রৰ সবাতোকৈ সফল ষ্টার্টআপৰ অন্যতম ‘এষ্ট্র’টক’ত ২,৫০০তকৈ অধিক জ্যোতিষী জড়িত হৈ আছে৷ ইয়াৰ ভিতৰত অধিকাংশই ২৪ ঘণ্টা গ্রাহকৰ সৈতে বার্তালাপ কৰিবলৈ সাজু হৈ থাকে৷ প্রতিদিনে ১,৫০,০০০ মিনিট জ্যোতিষীসকলে গ্রাহকক পৰামর্শ আগবঢ়ায়৷ ‘এষ্ট্র’টক’ৰ প্রতিষ্ঠাতা পুনিত গুপ্তাই প্রকাশ কৰা মতে, যিসকল লোকে জ্যোতিষ শাস্ত্র পূর্বতে বিশ্বাস কৰা নাছিল, সেইসকলে এতিয়া এই ষ্টার্টআপক বিশ্বাস কৰিবলৈ লৈছে৷ এজন বন্ধুৰ পৰামর্শ মতেই ২০১৭ চনৰ অক্টোবৰত তেওঁ ‘এষ্ট্র’টক’ আৰম্ভ কৰিছিল আৰু চাৰে চাৰি বছৰৰ ভিতৰতে এই ষ্টার্টআপ জনপ্রিয় হয় নে নহয় ব্যৱসায়িকভাৱেও সফল হৈছে৷

You might also like