নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চত্তিশগড়ৰ বস্তাৰৰ এজন যুৱকে একেদিনাখনেই এখন ৰভাৰ তলত দুজনীকৈ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ঘটনাক লৈ ছ’চিয়েল মিডিয়াত জ্বৰ চলিছে৷ চান্দু মৌর্য নামৰ যুৱকজনে যোৱা ৩ বছৰ ধৰি সুন্দৰী কাশ্যপ আৰু হাছিনা বাঘেল নামৰ দুয়োগৰাকী যুৱতীৰ সৈতে প্রণয়নৰ সম্পর্ক ৰক্ষা কৰি আহিছিল৷
লক্ষণীয়ভাৱে চান্দুক দুয়োগৰাকী প্রেয়সীয়ে বিবাহৰ বাবে হেঁচা প্রয়োগ কৰি আহিছিল৷ অৱশেষত প্রায় ৫০০ অতিথিৰ উপস্থিতিত যোৱা ৫ জানুৱাৰীত দুয়োগৰাকী যুৱতীৰ সৈতে একেটা মণ্ডপত বিবাহপাশত আবদ্ধ হয় চান্দু৷ বস্তাৰৰ মাওবাদী বিদ্রোহী অধ্যুষিত গাঁও এখনৰ বাসিন্দা চান্দুৱে আড়ম্বৰপূর্ণভাৱে আয়োজক কৰা এই বিবাহক লৈ দুই পত্নীয়ো সন্তুষ্ট বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷