নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ম্যানমাৰৰ সংসদীয় নির্বাচনত দেওবাৰে দেশখনৰ নাগৰিকসকলে ন’বেল শান্তি বঁটা বিজয়ী নেত্রী আং ছান ছ্যু কীক পুনৰ ক্ষমতালৈ ওভতাই অনাৰ বাবে ভোটদান কৰিছে৷ স্মর্তব্য যে দেশখনৰ বৃহত্তম চহৰ য়াংগুনত গৰিষ্ঠসংখ্যক ভোটাৰ ছ্যু কীৰ নেচনেল লীগ ফৰ ডেম’ক্রেচী (এনএলডি) দলৰ সমর্থক হিচাপে চিহ্ণিত হৈছে৷ যোৱা ২০১৫ চনৰ নির্বাচনত ছ্যু কীৰ দলে অভূতপূর্ব বিজয় সাব্যস্ত কৰিছিল দেশখনত৷ ছ্যু কীৰ দলৰ বিজয়ৰ জৰিয়তেই ৫ দশকতকৈ অধিককাল পিছত দেশখনত প্রতিষ্ঠা হৈছিল গণতন্ত্রৰ৷ ইয়াৰ পূর্বে সামৰিক শাসন চলি আছিল ম্যানমাৰত৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ অব্যাহত আছে ম্যানমাৰত৷ এই ক’ভিড সংকটৰ মাজতেই আজি মাস্ক পৰিধান কৰি নির্বাচনত ভোটদান কৰিছে ভোটাৰসকলে৷ ভোটকেন্দ্রত উপস্থিত হোৱাৰ পূর্বে প্রতিজন ভোটাৰৰে শৰীৰৰ উষ্ণতা পৰীক্ষা কৰিছে নির্বাচন কর্মীসকলে৷ লক্ষণীয়ভাৱে আশা কৰাতকৈ অধিকসংখ্যক ভোটাৰে এই নির্বাচনত ভোটদান কৰিছে৷