অষ্ট্ৰেলিয়াৰ ‘ৰাষ্ট্ৰীয় সংকট’! বাৰ্গাৰত লেটুচৰ সলনি কেএফচিয়ে দিছে কবিৰ পাত, প্ৰধানমন্ত্ৰীয়ে কেবিনেটত উত্থাপন কৰিব নেকি প্ৰসংগ
বিশেষ বাৰ্তা, ৯ জুনঃ লেটুছৰ দাম বৃদ্ধি আৰু বাৰ্গাৰত তাৰ ঠাইত বন্ধাকবিৰ পাত দিয়া বিষয়টোৱে অষ্ট্ৰেলিয়াত বৰকৈ চৰ্চা লাভ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে ইয়াক কেলেংকাৰী বুলি ৰসিকতা কৰি আৰু অধিক চৰ্চাৰ স্থান দিছে। বৃহস্পতিবাৰে ধেমালিতে তেওঁ কয় যে লেটুছৰ দাম বৃদ্ধি আৰু স্থানীয় কেন্টুকী ফ্ৰাইড চিকেন (কে এফ চি)এ তেওঁলোকৰ বাৰ্গাৰত পাতটোৰ ঠাইত কবিৰ পাত দিয়াৰ সিদ্ধান্তৰ বিষয়টোক লৈ সংসদৰ মজিয়াত আলোচনা কৰিব। ফাষ্ট ফুড চেইন কে এফ চিৰ সিদ্ধান্তক আচৰিত বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিষয়টো ‘ৰাষ্ট্ৰীয় সংকট’ত পৰিণত হৈছে। ছিডনীৰ এফ এম ৰেডিঅ’ৰ এক অনুষ্ঠানত তেওঁ কয় যে কবি আৰু লেটুচ একে নহয়। তেওঁ ইয়াক “কবি-গেট” বুলি অভিহিত কৰি কেবিনেট বৈঠকৰ বাবে তালিকাত অন্তৰ্ভূক্ত কৰিব। উল্লেখ্য যে দেশখনত লেটুচ পাতৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু নাটনিৰ বাবে লেটুচৰ সলনি কবিৰ ব্যৱহাৰ আৰম্ভ কৰিবলৈ বাধ্য হৈছে ফাষ্ট ফুড প্ৰতিষ্ঠানটোৱে। খবৰ অনুসৰি, শেহতীয়াকৈ হোৱা বানপানী আৰু বিশ্ব বজাৰত ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে লেটুচৰ দাম প্ৰায় ৩০০% বৃদ্ধি পাইছে, ১০ অষ্ট্ৰেলিয়ান ডলাৰৰ ওপৰলৈ গৈছে। এএফপিৰ বাতৰি অনুসৰি চিডনী আৰু মেলবৰ্ণত ২ ডলাৰৰ পৰা আইচবাৰ্গ লেটুচৰ এমুঠিৰ দাম ৮ ডলাৰলৈ বৃদ্ধি কৰা হৈছে।