অযোধ্যাত ৰাম মন্দিৰ নির্মাণকার্য স্থগিত
নিয়মীয়া বাৰ্তা ২০ জুনঃ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ ঘটনাক লৈ দুয়ো দেশৰ মাজত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পৰিকল্পনা স্থগিত ৰখা হৈছে৷ ৰাম মন্দিৰ নির্মাণ ন্যাসৰ বিবৃতিত প্রকাশ কৰা মতে, লাডাখৰ পৰিস্থিতিৰ বাবে সম্প্রতি ৰাম মন্দিৰ নির্মাণকার্য স্থগিত ৰখা হৈছে৷ দেশক সুৰক্ষা কৰাটো এই সময়ত সর্বাধিক গুৰুত্বপূর্ণ বুলি বিবৃতিটোত উল্লেখ কৰি শীঘ্রেই ৰাম মন্দিৰ নির্মাণকার্য আৰম্ভ কৰাৰ দিন ঘোষণা কৰিব বুলিও প্রকাশ কৰিছে৷ ন্যাসৰ সদস্য অনিল মিশ্রই প্রকাশ কৰা মতে, দেশৰ পৰিস্থিতি স্বাভাৱিক হ’লেই এই নির্মাণকার্য আৰম্ভ কৰাৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ তাৎপর্যপূর্ণ যে অযোধ্যাত চীনৰ বিৰুদ্ধে কেইবাটাও হিন্দু সংগঠনে প্রতিবাদ সাব্যস্ত কৰি আছে৷ সংগঠনকেইটাই চীনৰ পতাকা, চীনৰ ৰাষ্ট্রপতি আৰু দেশখনৰ সা–সামগ্রী দাহন কৰি এই প্রতিবাদ কৰিছে৷