নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিদিনে ২২ কোটিৰ দান! ২০২০ চনৰ উদাৰতম ভাৰতীয় উইপ্রোৰ প্রতিষ্ঠাতা আজিম প্রেমজি

নিয়মীয়া বার্তা, ১১ নৱেম্বৰঃ গোটেই বছৰত ৭,৯০৪ কোটি টকা দান কৰিছে উইপ্রো (Wipro) সংস্থাৰ প্রতিষ্ঠাতা তথা চেয়াৰমেন আজিম প্রেমজিয়ে (Azim Premji)। ২০২০ চনৰ সমাজসেৱী ভাৰতীয়সকলৰ তালিকাত শীষত আছে তেওঁ। দিনে তেওঁৰ দানৰ মূল্য ২২ কোটি টকা!

এডেলগিভ হিউৰান ইন্ডিয়া সংস্থাই প্রকাশ কৰিছে ভাৰতীয় সমাজসেবীসকলৰ এখন তালিকা। সেই তালিকাত কোভিড মোকাবিলাৰ বাবে বিগত ১ এপ্রিল ১,১২৫ কোটি টকা দানৰ প্রতিশ্রুতি দিছে আজিম প্রেমজি ফাউন্ডেশন, উইপ্রো আৰু উইপ্রো এন্টাৰপ্রাইজেছ। ইয়াৰ লগতে আছে উইপ্রোৰ বার্ষিক চিএচআৰ আৰু আজিম প্রেমজি ফাউন্ডেশ্যনৰ নিয়মিত সমাজসেৱামূলক কর্মৰ আর্থিক দানো।

আজিম প্রেমজিৰ পুত্ৰ ৰিছাদ প্রেমজিয়ে এক টুইটত এই সংবাদ চেয়াৰ কৰি লিখিছে, ‘‘দেউতাই সকলো সময়তে বিশ্বাস কৰি আহিছে তেওঁ সম্পত্তিৰ তত্ত্বাবধায়ক মাত্র, মালিক নহয়।’’

উল্লেখ্য যে এই তালিকাৰ দ্বিতীয় স্থানত আছে এইচচিএল টেকনোজলিছ সংস্থাৰ শিৱ নাদাৰ। এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি, ৰিলায়েন্স ইন্ডাস্ট্রিজৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানি আছে তিনি নম্বৰত।

You might also like