নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাই ২৬ জুলাইৰ পিছত পদত্যাগ কৰিব পাৰে৷ মুখ্যমন্ত্রীগৰাকীৰ কার্যকালক লৈ বিগত কেইসপ্তাহমান ধৰি চর্চা চলিছে ৰাজ্যখনৰ সংবাদ মাধ্যমত৷
উল্লেখনীয় যে বিজেপিৰ নিয়ম অনুসৰি ৭৫ বছৰ বয়সৰ পিছত কোনো নেতা মন্ত্রী হৈ থাকিব নোৱাৰে৷ আজি য়েডিয়ুৰাপ্পাই উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডাই তেওঁৰ ওপৰত বিশেষ আস্থা আৰু বিশ্বাস ৰাখিছে৷ ৭৫ বছৰ বয়সৰ পিছত দলে কোনো নেতাক পদবীত নাৰাখে৷ কিন্তু প্রধানমন্ত্রী–গৃহম আৰু নাড্ডাই তেওঁৰ কাম–কাজত বিশেষ সন্তুষ্টি প্রকাশ কৰিছে৷ বর্তমান ৭৮ বছৰ বয়স সত্ত্বেও মুখ্যমন্ত্রীৰ দায়িত্ব পালন কৰিবলৈ য়েডিয়ুৰাপ্পাক সুযোগ দিছে বিজেপিৰ শীর্ষ নেতৃত্বই৷