মছজিদ প্রাংগণত নির্মাণ হ’ব অত্যাধুনিক চিকিৎসালয়, গ্রন্থাগাৰ
বাবৰি মছজিদ নির্মাণৰ বাবে সাজু ধান্নিপুৰৰ হিন্দু–মুছলমান
নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ এক বর্ণাঢ়্য পৰিৱেশত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঐতিহাসিক ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলে৷ অযোধ্যাৰ এই জাকজমকতাৰ সমান্তৰালকৈ অত্যন্ত নীৰৱে নতুনকৈ ঐতিহাসিক বাবৰি মছজিদ নির্মাণৰ কামো আৰম্ভ হৈছে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে কথা আছিল অযোধ্যাৰ ভূমিতেই পুনৰ নির্মাণ কৰা হ’ব ১৯৯২ চনত ধ্বংস হোৱা মছজিদটো৷ কিন্তু অযোধ্যাবাসীয়ে পৱিত্র ৰাম জন্মভূমিত নির্মাণ কৰিব নিদিয়ে বাবৰি মছজিদ৷ সেয়েহে উপায়হীন হৈ উত্তৰপ্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে অযোধ্যাৰ পৰা ২৯ কিলোমিটাৰ দূৰৰ ফৈজাবাদৰ সমীপৰ ধান্নিপুৰ গাঁৱত চুন্নী ৱাকফ ব’ডক অর্পণ কৰিছে ৫ একৰ ভূমি৷ অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ প্রাক্মুহূর্তত যোৱা শনিবাৰে ফৈজাবাদৰ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝায়ে চুন্নী ৱাকফ ব’ৰ্ডৰ হাতত আনুষ্ঠানিকভাৱে এই ভূমি হস্তান্তৰ কৰে৷ উল্লেখ্য যে বাবৰি মছজিদ পুনৰ নির্মাণৰ বাবে ৱাকফ ব’র্ডে অলপতে ইণ্ডো–ইছলামিক কালচাৰেল ফাউণ্ডেচন গঠন কৰিছে৷ ব’ৰ্ডে সভাপতি তথা ফাউণ্ডেচনৰ অন্যতম সদস্য জাফৰ ফাৰুকীয়ে এই প্রতিবেদকৰ আগত প্রকাশ কৰা মতে, ধান্নিপুৰত কেৱল বাবৰি মছজিদেই নহয়, চৰকাৰপ্রদত্ত ৫ একৰ ভূমিৰ ভিতৰত এখন অত্যাধুনিক চিকিৎসালয় আৰু এটা গ্রন্থাগাৰো নির্মাণ কৰাৰ বাবে প্রাৰম্ভিক সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
উল্লেখ্য যে লক্ষ্ণৌ–গোৰখপুৰ সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ ৰৌনাহি আৰক্ষী চকীৰ নিলগত আছে শাৰদা শ্বাহ বাবাৰ মাজাৰ৷ প্রায় ৭০০ বছৰীয়া এই মাজাৰৰ ভূমিত নির্মাণ কৰা হ’ব নতুন বাবৰি মছজিদ৷ বাস্তৱত এই মাজাৰৰ পৰাই আৰম্ভ হৈছে ধান্নিপুৰ গাঁও৷ মাজাৰৰ সন্মুখত থকা পথৰ সিপাৰত আছে ৰৌনাহি গাঁও৷ লক্ষণীয়ভাৱে ধান্নিপুৰ হৈছে মুছলমান অধ্যুষিত এখন গাঁও আৰু ৰৌনাহি হৈছে হিন্দু অধ্যুষিত গাঁও৷ অতি তাৎপর্যপূর্ণ কথাটো হ’ল ধান্নিপুৰত প্রস্তাৱিত বাবৰি মছজিদ নির্মাণক লৈ স্থানীয় হিন্দু আৰু মুছলমান দুয়ো সম্প্রদায়ৰ লোকেই উৎফুল্লিত৷ স্থানীয় বাসিন্দাসকলেই জনালে ধান্নিপুৰ কিম্বা ৰৌনাহিত কেতিয়াও হিন্দু–মুছলমানৰ মাজত বাদ–বিবাদ হোৱা নাই৷ ১৯৯২ চনত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসৰ পাছতো অঞ্চলটোত দুয়ো সম্প্রদায়ৰ লোকেই ভাতৃত্ববোধৰ অনন্য উদাহৰণ দাঙি ধৰিছিল৷ শাৰদা শ্বাহ বাবাৰ মাজাৰৰ সন্মুখত দেখা গ’ল সতপাল সিং আৰু চুলতান বেগক৷ সতপাল সিঙে জনালে প্রস্তাৱিত বাবৰি মছজিদক লৈ হিন্দু অধ্যুষিত ৰৌনাহিবাসী কিমান উৎসাহী৷ পিছে দৰগাহ ভাঙি বাবৰি মছজিদৰ পক্ষপাতী নহয় সতপাল কিম্বা চুলতানে৷ বাবৰি মছজিদৰ দৰে এই দৰগাহো ঐতিহাসিক৷ হিন্দু–মুছলমান সকলো সম্প্রদায়ৰ লোকেই ইয়াত আহি মনোকামনা পূর্ণ কৰাৰ বাবে চাদৰ অর্পণ কৰে৷ চুলতানে জনালে ধান্নিপুৰত প্রায় ২০ একৰ চৰকাৰী ভূমি আছে৷ চৰকাৰৰ উদ্যোগতেই ইয়াতে খেতি–বাতিৰ কাম হয়৷