নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সন্তোষ বাবু অমৰ হওঁক’ শ্লোগানৰে বিদায়

নিয়মীয়া বাৰ্তা ১৮ জুনঃ দেশৰ বাবে শ্বহীদ হোৱা কৰ্ণেল বিকুমল্লা সন্তোষ বাবুৰ শেষকৃত্য সম্পন্ন। তেলেংগানাৰ গৃহ চহৰত সম্পন্ন হয় শেষকৃত্য়। অশ্ৰুসিক্ত নয়নৰে বিদায় দিছে হাজাৰ হাজাৰ লোকে।

‘সন্তোষ বাবু অসম হওঁক’ বন্দে মা তৰম শ্লোগানৰে বিদায় দিলে কৰ্ণেলগৰাকীক। ঘৰৰ বাৰান্দাৰ পৰাই ফুল ছটিয়াই সমবেদনা জ্ঞাপন কৰে। দোকান-পোহাৰ বন্ধ কৰি সন্মান প্ৰদৰ্শন কৰে সকলোৱে।

তামিলনাডুৰ ৰাজ্যপালৰ লগতে সকলো মন্ত্ৰী-বিধায়কে কৰ্ণেলগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়াললৈ সমবেদনা জনায়। সন্তোষ বাবুৰ পিতৃয়ে মুখাগ্নি কৰাৰ লগতে সম্পূৰ্ণ ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয়। পত্নীৰ লগতে কন্যা আৰু পুত্ৰক এৰি যায় শ্বহীদগৰাকীয়ে।উল্লেখ্য যে লাডাখৰ গালৱান ভেলীত চীনা সৈন্যৰ আক্ৰমণত নিহত হৈছিল সন্তোষ বাবু।

You might also like