নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ প্রাক্তন কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয়ই আজি যোগ দিলে তৃণমূল কংগ্ৰেছত। শনিবাৰে কলকাতাত অভিষেক বেনাৰ্জীৰ হাত ধৰি তৃণমূলৰ শিবিৰত যোগ দিলে বাবুল সুপ্রিয়ই।
অভিষেক বেনাৰ্জীয়ে বাবুল সুপ্রিয়ক নিজৰ দললৈ স্বাগতম জনায়। তৃণমূল কংগ্ৰেছৰ এটা টুইটত কোৱা হৈছে যে তৃণমূল পৰিয়ালত যোগদান কৰাৰ বাবে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা সাংসদ বাবুল সুপ্ৰিয়ক উষ্ম আদৰণি জনাইছোঁ।
বাবুল সুপ্ৰিয়ই ২০১৪ চনত আছানচোলৰ পৰা প্ৰথম সাংসদ ৰূপে নিৰ্বাচিত হৈছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীও আছিল। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটৰ ৰদবদলৰ পাছতে কেন্দ্ৰীয় কেবিনেটৰ পৰা বাদ পৰিছিল বাবুল সুপ্ৰিয়। যাৰবাবে বাবুল সুপ্ৰিয়ই কিছু অসন্তুষ্ট হৈ ৰাজনীতি ত্যাগ কৰাৰ ঘোষণা কৰিছিল।
Former Union Minister and ex-BJP MP Babul Supriyo formally joins Trinamool Congress (TMC). Supriyo had quit BJP following the recent Union Cabinet reshuffle. pic.twitter.com/Uc5uOU2Izx
— ANI (@ANI) September 18, 2021