নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেপাৰ বাদশ্বাহলৈ চমন মুম্বাই আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: ছ’চিয়েল মিডিয়াত ভুৱা অনুৰাগী গোচৰত জড়িত বলীউডৰ জনপ্রিয় গায়ক বাদশ্বাহলৈ চমন জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে৷ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই জাৰি কৰা চমনত উল্লেখ কৰা মতে, গায়ক বাদশ্বাহে ভুৱা পৰিচয়েৰে ছ’চিয়েল মিডিয়া ইনষ্টাগ্রাম, ফেচবুক, ইউ টিউব আদিত একাউণ্ট খুলি বিভিন্ন তথ্য আপলোড কৰি আহিছে আৰু ইয়াৰ জৰিয়তে একাংশ অনুৰাগীৰ সৃষ্টি কৰিছে৷ এই একাউণ্টৰ জৰিয়তে গায়কগৰাকীয়ে অনুৰাগীক বিপথে পৰিচালিত কৰি আহিছে৷ মুম্বাই আৰক্ষীয়ে গায়কগৰাকীৰ বিৰুদ্ধে চলাই থকা তদন্তত বাধা দিয়াৰ বাবে বিভিন্ন পদক্ষেপ লৈ থকা বুলিও অভিযোগ কৰিছে৷

উল্লেখ্য যে এই ভুৱা অনুৰাগীৰ গোচৰত যোৱা ৭ জুলাইত ৰেপাৰ বাদশ্বাহে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হৈছিল৷ ৰেপাৰ বাদশ্বাহে ‘পাগল হে’ শীর্ষক গীতটি এদিনতে ৭৫ নিযুত লোকে উপভোগ কৰা বুলি দাবী কৰিলেও সেই দাবীক গুগলে নস্যাৎ কৰিছিল৷ ইয়াৰ পিছতেই ৰেপাৰ বাদশ্বাহক এই সন্দর্ভত স্পষ্টীকৰণ দিবলৈ মাতি আনিছিল৷ কিন্তু গায়কগৰাকীয়ে এই সন্দর্ভত সহযোগিতা আগবঢ়োৱা নাছিল৷

You might also like