নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ কর্ণাটকৰ বাংগালুৰুত ৩ সহস্রাধিক ক’ভিড–১৯ ৰোগী সন্ধানহীন হোৱাৰ তথ্য বিবিএমপিৰ আয়ুক্ত এন মঞ্জুনাথ প্রসাদে সদৰী কৰাৰ লগে লগে ৰাজ্যখনত শংকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ বিবিএমপিৰ আয়ুক্তগৰাকীয়ে প্রকাশ কৰা মতে, বাংগালুৰুৰ লেবৰেটৰীত নমুনাৰ ফলাফল ক’ভিড–১৯ পজিটিভ হোৱা ৩,৩৩৮জন লোকৰ পৰিচয় আছে যদিও এতিয়ালৈকে কর্তৃপক্ষই তেওঁলোকক বিচাৰি উলিয়াব পৰা নাই৷ এই লৈ ইতিমধ্যে কর্তৃপক্ষই অভিযান আৰম্ভ কৰিছে যদিও ৩ সহস্রাধিক লোকৰ ভিতৰত এজনৰো সন্ধান উলিয়াব পৰা নাই৷ এই লৈ কর্তৃপক্ষৰ হেমাহি আৰু দায়িত্বজ্ঞানহীনতা বুলি গুৰুতৰ অভিযোগ উঠিছে৷ তাৎপর্যপূর্ণ যে এইধৰণৰ ৰোগীৰ ফলাফলক লৈয়ো প্রশ্ণবোধক চিন উত্থাপন হৈছে৷