নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজ অৱ লিভিং ইনডেস্ক ২০২০ৰ তালিকাৰ শীর্ষত বাংগালুৰু

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ কেন্দ্রীয় গৃহ নির্মাণ আৰু চহৰ পৰিক্রমা মন্ত্রালয়ে প্রস্তুত কৰা ইজ অৱ লিভিং ইনডেস্ক ২০২০ৰ তালিকাত শীর্ষ স্থান লাভ কৰিছে প্রযুক্তি চহৰ খ্যাত বাংগালুৰুৱে৷

দেশজুৰি চিনাক্ত কৰা ১১১খন চহৰৰ ভিতৰত বাংগালুৰুৱে শীর্ষ স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত পুনে, তৃতীয় স্থানত আহমেদাবাদ, চতুর্থ চেন্নাই, পঞ্চম চুৰাট, সপ্তম নৱী মুম্বাই, অষ্টম কইম্বাটুৰ আৰু নৱম বদোদৰা৷

উল্লেখ্য যে এক নিযুতকৈ কম জনসংখ্যা থকা চহৰৰ তালিকাত ছিমলাই শীর্ষ স্থান লাভ কৰিছে৷ কেন্দ্রীয় গৃহ নির্মাণ আৰু চহৰ পৰিক্রমা মন্ত্রী হৰদীপ সিং পুৰীয়ে কালি ইজ অৱ লিভিং আৰু মিউনিছিপাল পাৰফৰ্মেন্স ইনডেস্ক ২০২০ৰ ফলাফলেৰে তালিকাখন প্রকাশ কৰে৷

মিউনিছিপাল পাৰফমেন্স ইনডেস্কৰ তালিকাত নতুন দিল্লী মিউনিছিপাল কাউন্সিলে শীর্ষস্থান লাভ কৰে৷ উল্লেখ্য যে ২০১৮ চনত এই তালিকা প্রথমবাৰ প্রকাশ কৰা হৈছিল৷

You might also like