নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ কংগ্রেছ নেতাৰ ভাইৰেল অডিঅ’ৰ তথ্য ৰিপুণ বৰাই টকা খাইছে

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ  বিধানসভা নির্বাচনৰ বাবে শাসক–বিৰোধীৰ মাজত প্রার্থিত্বকেন্দ্রিক বতাহ গৰম হৈ থকা সময়তে হোজাই কংগ্রেছৰ সভাপতি তথা প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ৰ পুত্র তথা প্রার্থিত্বপ্রত্যাশী অনিৰুদ্ধ দে’ৰ এক অডি’ ব্যাপক ভাইৰেল হৈ পৰাত কংগ্রেছৰ ভিতৰচ’ৰাতব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কংগ্রেছৰ নেতৃত্বই বাঙালীৰ বাবে চিন্তা নকৰে বুলি প্রার্থিত্বপ্রত্যাশীজন্ দলীয় কর্মী এজনক টেলিফোনত কোৱা শুনা যায়৷ তেওঁ নির্বাচনৰ আগত বিজেপিত যোগদান কৰিব বুলিও দলীয় কর্মীৰ সৈতে পতা কথাৰ এই ভাইৰেল অডি’ই সৃষ্টি কৰিছে চাঞ্চল্য৷ তেওঁৰ লগতে অহা মাহত কোনোবা এজন ছাৰেও যোগদান কৰিব বিজেপিত৷ কিন্তু কোন এই ছাৰ তাক লৈ জিলা কংগ্রেছৰ ভিতৰচ’ৰাত ব্যাপক আলোচনা চলিছে৷ ইফালে, ভাইৰেল হোৱা এই অডিঅ’ত অনিৰুদ্ধ দে’ই এয়া ধেমালি কৰা বুলি তেওঁ কাষতে থকা এজনে মন্তব্য কৰিছে যদিও কিন্তু পিছ মুহূর্ততে আকৌ কংগ্রেছত থাকি কোনো লাভ নহ’ব বুলি তেওঁ মন্তব্য কৰে৷ ভাইৰেল অডিঅ’ত কংগ্রেছৰ প্রার্থিত্বপ্রত্যাশীজন্ বিজেপি চৰকাৰৰ প্রশংসা কৰাও শুনা যায়৷

ইফালে, ছাৰে বিজেপিত যোগদান কৰাৰ কথা বাৰে বাৰে উল্লেখ কৰা ছাৰজন প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ নেকি সেয়া কিন্তু তেওঁ সদৰী কৰা নাই৷ তেওঁৰ মতে হোজাইত কংগ্রেছৰ টিকট ফাইনেল বুলি মন্তব্য কৰে অনিৰুদ্ধ দে’ ওৰফে ননাই৷ ভাইৰেল অডিঅ’টোত তেওঁ কংগ্রেছৰ ভিতৰচ’ৰাৰ বিভিন্ন কথা ব্যক্ত কৰে৷ তেওঁ দলৰ আন এজন প্রার্থিত্বপ্রত্যাশী প্রাক্তন ডি আই জি কে কে শর্মাই আহমেদ পেটেল, ছোনিয়া গান্ধী আৰু প্রদ্যুৎ বৰদলৈক পেক কৰি ৰাখিছে৷ কংগ্রেছ সভাপতি ৰিপুণবৰাই টকা খাইছে৷ হোজাইৰ দলীয় প্রার্থিত্বৰ বাবে ওপৰ মহলত পাঁচ কোটি টকাত লেনদেন হৈছে বুলিও তেওঁ দলীয় কর্মীক কোৱা শুনা যায়৷ দলীয় কর্মীৰ লগত হোৱা বার্তালাপত কংগ্রেছৰ প্রার্থিত্বপ্রত্যাশী দে’য়ে জনায় যে হোজাইত এ আই ইউ ডি এফে টিকট পাব৷ কংগ্রেছৰ মানুহক এ আই ইউ ডি এফৰ হৈ প্রচাৰ চলোৱাৰ নির্দেশ অনিৰুদ্ধ দে’ৰ৷ ইফালে, দলীয় কর্মীৰ লগত প্রার্থিত্বপ্রত্যাশী অনিৰুদ্ধ দে’ৰ এই ভাইৰেল কল ৰেকর্ডিঙে উদঙাইছে কংগ্রেছীসকলৰ প্রকৃত স্বৰূপ৷ নিজৰ দলৰ ভিতৰুৱা কথা এনেধৰণে প্রকাশ কৰা জিলা কংগ্রেছৰ পুত্রৰ এই কার্যকলাপৰ বাবে ঊর্ধ্বতন মহলে কি সিদ্ধান্ত লয়, সেয়া লক্ষণীয় হ’ব৷

You might also like