নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বেংক কর্মচাৰীৰ ধর্মঘটৰ বাবে সোম আৰু মঙলবাৰে বেংকৰ লেনদেন বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে৷ ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছে এই বন্ধ ঘোষণা কৰাৰ ফলত সমগ্র দেশৰ ৰাজহুৱা খণ্ডৰ বেংকতে প্রভাৱ পৰাটো এক প্রকাৰ নিশ্চিত হৈ পৰিছে৷
ইতিমধ্যে ষ্টেট বেংক অৱ ইণ্ডিয়াই বেংকৰ স্বাভাৱিক কাম–কাজ বিঘ্নিত হ’ব বুলি আগতীয়াকৈ গ্রাহকসকলক অৱগত কৰাইছে৷ আই ডি বি আইৰ পিছত দুটাকৈ ৰাজহুৱা খণ্ডৰ বেংক পুনৰ হস্তান্তৰ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ প্রতিবাদত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে দুদিনীয়া ধর্মঘটৰ সিদ্ধান্ত লৈছে৷
সংগঠনটোৰ সৈতে চৰকাৰে দেওবাৰে নিশা পর্যন্ত আলোচনা চলাই আছে যদিও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ ৰাজহুৱা খণ্ডৰ দুটা বেংক হস্তান্তৰৰ জৰিয়তে কেন্দ্রই ১.৭৫ লাখ কোটি টকা আহৰণৰ লক্ষ্য স্থিৰ কৰিছে৷