নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেইৰুটৰ বিস্ফোৰণত নেদাৰলেণ্ডৰ কূটনীতিকৰ পত্নী ম’লিয়াৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ মধ্য প্রাচ্যৰ ৰাষ্ট্র লেবাননৰ ৰাজধানী বেইৰুটত সংঘটিত বিস্ফোৰণত প্রাণ হেৰুৱাইছে নেদাৰলেণ্ডৰ ৰাষ্ট্রদূতৰ পত্নী৷ দেশখনৰ বিদেশ মন্ত্রালয়ে সদৰী কৰা তথ্য অনুসৰি নেদাৰলেণ্ডৰ ৰাষ্ট্রদূত জান ৱাল্টমানছৰ পত্নী ৫৫ বছৰীয়া হেডউইগ ৱাল্টমানছ–ম’লিয়াৰ বিস্ফোৰণৰ সময়ত গুৰুতৰভাৱে আহত হৈছিল৷

উল্লেখনীয় যে বেইৰুটৰ বন্দৰ অঞ্চলৰ বিস্ফোৰণস্থলীৰ সমীপৰ বাসগৃহত থকা অৱস্থাত ম’লিয়াৰ গুৰুতৰভাৱে আহত হৈছিল৷  হাস্পতালত মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ স্মর্তব্য যে এই বিস্ফোৰণৰ ফলত নেদাৰলেণ্ডৰ দূতাবাসৰো ক্ষতি হৈছে৷

You might also like