নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত গ্রেপ্তাৰ মহিলাসহ পাঁচ নৰপিশাচ, দুজন গুলীবিদ্ধ

নিয়মীয়া বাৰ্তা ২৯ মেঃ দেশজুৰি জোকাৰণি তোলা যুৱতীক শাৰীৰিক–যৌন নির্যাতনৰ ভাইৰেল ভিডিঅ’ৰ ৪ নৰপিশাচ আৰু এগৰাকী মহিলাক বাংগালুৰু আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ছ’চিয়েল মিডিয়াত যুৱতী এগৰাকীক চাৰি নৰপিশাচ আৰু মহিলা এগৰাকীয়ে বিবস্ত্র কৰি নির্যাতন চলোৱা ভাইৰেল ভিডিঅ’ ক্লিপৰ জৰিয়তে চিনাক্ত কৰা ৪ নৰপিশাচ আৰু মহিলাক বাংগালুৰু আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগে লগে নতুন নতুন তথ্য পোহৰলৈ আহিছে৷

ইপিনে, আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৪ নৰপিশাচৰ দুজনে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিত গুলীয়ায়৷ তথ্য মতে আৰক্ষীৰ গুলীচালনাত আহত হোৱা দুই নৰপিশাচক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ তাৎপর্যপূর্ণ যে ছ’চিয়েল মিডিয়াত যুৱতী এগৰাকীক ৪ নৰপিশাচ আৰু এগৰাকী মহিলাই শাৰীৰিক–মানসিক নির্যাতন চলোৱা ভাইৰেল ভিডিঅ’টো অসমৰ বুলি চর্চিত হোৱাৰ পিছত অসম আৰক্ষীয়ে ভিডিঅ’টোত থকা নৰপিশাচৰ আলোকচিত্র প্রচাৰ কৰি এই সন্দর্ভত সন্ধান দিবলৈ আহ্বান জনাইছিল৷

ইয়াৰ পিছতে বাংলাদেশৰ আৰক্ষীয়ে ভাইৰেল ভিডিঅ’টোত থকা এজন নৰপিশাচক বাংলাদেশৰ বুলি চিনাক্ত কৰাৰ লগতে নির্যাতিত যুৱতীগৰাকী বাংলাদেশৰ বুলি সংবাদ মেলযোগে ঘোষণা কৰে আৰু ঘটনাটোৱে নতুন মোৰ লয়৷ বাংলাদেশ আৰক্ষীয়ে বাংলাদেশৰ লোকৰ দ্বাৰাই বাংলাদেশৰ যুৱতীকে ভাৰতৰ কেৰালাত যৌন নির্যাতন চলোৱা ভিডি’টো সন্দর্ভত স্পষ্টকৈ সংবাদ মেলযোগে ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে বাংগালুৰু আৰক্ষীয়ে জঘন্য কাণ্ডটোত জড়িত মহিলাসহ ৪ নৰপিশাচক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ইতিমধ্যে বাংগালুৰু আৰক্ষীয়ে ৰামামূর্তি থানাত আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ মন কৰিবলগীয়া যে অসম পুলিচৰ অফিচিয়েল টুইটাৰত বাংলাদেশ আৰক্ষী আৰু বাংগালুৰু মহানগৰ আৰক্ষীয়ে ভিডি’টোত জড়িত নিপীড়িত আৰু নির্যাতনকাৰী বাংলাদেশৰ নাগৰিক বুলি স্পষ্ট কৰি দিছে৷

You might also like