নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ মাহত ১০১ বাৰ ট্রেফিক আইন ভংগ যুৱকৰ! পাঁচ ফুট দীঘল চালান দিলে আৰক্ষীয়ে…

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ বুলেট ৰাজা। ইয়াত ছেইফ আলি খান অভিনীত চিনেমাৰ কথা কোৱা হোৱা নাই। বাস্তৱত এই বুলেট ৰাজাজন হ’ল বেংগালুৰুৰ এজন যুৱক। নাম এল ৰাজেশ কুমাৰ।

তেওঁ যেতিয়া বুলেট লৈ পথেৰে যায়, তেতিয়া কোনো আইন কানুন নামানে। কিয়নো চিগনেল, ট্রেফিক আইন তেওঁৰ বাবে নিয়মৰ ভিতৰত নপৰে।

তেওঁ বিগত এক বছৰত ১০১ বাৰ ট্রেফিক আইন ভাঙিছে। প্রায় প্রতিদিনেই তেওঁ ট্রেফিক আইন ভাঙিছে বুলি জনা গৈছে। আৰু এইবাৰ তেওঁক পাঁচ ফুটৰ এখন দীঘল চালান দিছে আৰক্ষীয়ে।

১০১ টা গোচৰ ৰুজু হৈছে তেওঁৰ নামত। যাৰ বাবে মুঠ ৫৭,২০০ টকা জমা দিব লাগিব। ইতিমধ্যে তেওঁৰ বুলেটখনো আৰক্ষীয়ে জব্দ কৰি তিনিদিনৰ সময় দিছে ৰাজেশক। চালানৰ টকা যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিদিয়ে তেন্তে সেই গোচৰ গৈ আদালত পাব।

You might also like