নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্কক অতিক্রম কৰি বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ শীর্ষত পুনৰ বেজ’ছ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ অনলাইন বাণিজ্যিক সংস্থা ‘আমাজ’ন’ৰ মুখ্য কার্যবাহী বিষয়া (চিই’) জেফ বেজ’ছে পুনৰ বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী ব্যক্তিৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ বেজ’ছক অতিক্রম কৰি মাত্র কিছুদিন পূর্বে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে চিহ্ণিত হৈছিল টেছলা তথা স্পেচ এক্স কোম্পানীৰ চিই’ এল’ন মাস্কে৷ শেহতীয়াকৈ পুনৰ এল’ন মাস্কক অতিক্রম কৰি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীর্ষস্থান দখল কৰিছে জেফ বেজ’ছে৷ জেফ বেজ’ছৰ বর্তমান মুঠ সম্পদ হৈছে ১৯১.২ শ কোটি ডলাৰ৷ অর্থাৎ ১৯,১২০ কোটি ডলাৰৰ গৰাকী বেজ’ছ৷ ইফালে টেছলাৰ চিই’ মাস্কৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে ২.৪ শতাংশ৷ ভাৰতীয় মুদ্রাৰ হিচাপত বেজ’ছৰ ধনৰ পৰিমাণ ১৩ লাখ ৯০ হাজাৰ ৯০০ কোটি টকা৷ মাস্কৰ সম্পদ বেজ’ছতকৈ ৬,৯৫০ কোটি টকা কম৷

You might also like