নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীলৈ ভাৰতৰ ভেকচিন

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীলৈ ভাৰতে উপহাৰ হিচাপে আগবঢ়াব ২ লাখ ড’জ ক’ভিড ভেকচিন৷ কালি বিদেশমন্ত্রী এছ জয়শংকৰে এই কথা ঘোষণা কৰিছে৷ প্রস্তাৱ ২৫৩২ৰ প্রয়োগৰ ক্ষেত্রত কালি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ এক মুকলি বিতর্কত বিদেশ মন্ত্রীগৰাকীয়ে এই ঘোষণা কৰিছে৷ যোৱা বছৰতেই গৃহীত হোৱা ৰাষ্ট্রসংঘৰ এই প্রস্তাৱ সন্দর্ভত চলা মুকলি বিতর্কত নিৰাপত্তা পৰিষদৰ সদস্য দেশসমূহৰ বিদেশ মন্ত্রীসকলে অংশগ্রহণ কৰে৷ জয়শংকৰে উল্লেখ কৰে যে ভাৰতৰ ভেকচিন কেৱল দেশৰ বাবে প্রস্তুত কৰা হোৱা নাই৷

You might also like