নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ দেশৰ শৈক্ষিক পাঠ্যক্ৰমত গীতাৰ পাঠ অন্তৰ্ভূক্ত হ’ব নেকি

বিশেষ বাৰ্তা, ২২ মাৰ্চঃ গুজৰাট চৰকাৰৰ শিক্ষা পৰিষদে মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত ভগৱত গীতা অন্তৰ্ভূক্তিৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ অধীনত ২০২২-২৩ বৰ্ষৰ পৰা ষষ্ঠ শ্ৰেমীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰমত শ্ৰীমদ্ভাগৱত গীতা অন্তৰ্ভূক্ত কৰাৰ কাম আৰম্ভ হৈ গৈছে। এই সিদ্ধান্তক লৈ ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে। গুজৰাটৰ পাছত কৰ্ণাটকতো একেই কথা চলিছে। ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীয়ে এই ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ-আলোচনা চলিছে। তেনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সকলো ৰাজ্যৰ স্কুলতে গীতাৰ পাঠ দিব লাগে বুলি প্ৰস্তাৱ দিছে। তেওঁ কৈছে যে শ্ৰীমদ্ভাগৱত গীতাই আমাক নৈতিকতাৰ পাঠ দিয়ে। সমাজ কল্য়াণৰ প্ৰতি আমাৰ কৰ্তব্য সোঁৱৰাই দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছত গোটেই দেশৰ শৈক্ষিক পাঠ্যক্ৰমত গীতাৰ পাঠ অন্তৰ্ভূক্তি হ’ব নেকি তাকে লৈ চৰ্চা চলিছে।

You might also like