নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশীয় ভেকচিন ক’ভাক্সিন প্রস্তুতৰ বুজ ল’লে ৰাষ্ট্রদূতে

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ দেশীয়ভাৱে বিকশিত ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’ক লৈ বিশ্বৰ দৃষ্টি নিবন্ধ হৈ আছে৷ গ্রেট ব্রিটেইনত ফাইজাৰ–বায়’এনটেক ভেকচিনৰ গণ টিকাকৰণ আৰম্ভ হোৱাৰ এদিন পাছতে আজি বিশ্বৰ ৭০খন দেশৰ প্রতিনিধিয়ে ভাৰত বায়’টেকৰ গৱেষণাগাৰ পৰিদর্শন কৰে৷ হায়দৰাবাদস্থিত ঔষধ প্রস্তুত কোম্পানী ভাৰত বায়’টেক আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ), নেচনেল ইনষ্টিটিউট অৱ ভায়ৰ’লজীয়ে (এন আই ভি) দেশীয়ভাৱে প্রস্তুত কৰা ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনৰ বুজ ল’বলৈ ৭০খন দেশৰ প্রতিনিধিয়ে ভাৰত বায়’টেকৰ গৱেষণাগাৰ পৰিদর্শন কৰে৷

হায়দৰাবাদৰ জেনম ভেলীত থকা ভাৰত বায়’টেকৰ গৱেষণাগাৰত ৭০খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই ক’ভাক্সিনৰ অগ্রগতি সন্দর্ভত বুজ লয়৷ ভাৰত বায়’টেকৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ ড০ কৃষ্ণ ইলাই ক’ভাক্সিন সন্দর্ভত বিদেশী প্রতিনিধিসকলক বিতং তথ্য অৱগত কৰে৷ অধ্যক্ষ ড০ ইলাই প্রকাশ কৰা মতে, বিশ্বৰ বিভিন্ন দেশে ক’ভাক্সিনক লৈ আগ্রহ দেখুৱাইছে আৰু এই ক’ভাক্সিন যোগান আৰু প্রদান কৰাৰ ক্ষেত্রতো আগ্রহ দেখুৱাইছে৷ বিদেশী প্রতিনিধিয়ে তেওঁলোকৰ গৱেষণাগাৰলৈ আহি ভেকচিনৰ বুজ লোৱাটো তেওঁলোকৰ বাবে সন্মানৰ বিষয়৷ ইয়ে আমাক গৌৰৱান্বিত কৰাই নহয়, এই কথা নিশ্চিত কৰিছে যে ঘাতক মহামাৰীৰ বিৰুদ্ধে সমূহীয়া যুঁজৰ বাবে বিশ্বই ভাৰতৰ ওপৰত দৃষ্টি ৰাখিছে৷ ভাৰত বায়’টেকৰ গৱেষণাগাৰ পৰিদর্শনৰ পাছত নতুন দিল্লীস্থিত অষ্ট্রেলিয়াৰ ৰাষ্ট্রদূত বেৰি অ’ফেৰেলে ভাৰতৰ পদক্ষেপক ভূয়সী প্রশংসা কৰে৷ ৰাষ্ট্রদূত অ’ফেৰেলে কয় যে বিশ্বৰ বিভিন্ন দেশত বিভিন্ন ভেকচিনৰ বিকাশ হৈছে৷ কিন্তু এখনেই দেশ আছে পৃথিৱীৰ প্রতিগৰাকী লোকৰ চাহিদাক সন্তুষ্ট কৰিবলৈ নির্মাণ ক্ষমতা আৰু সক্ষমতা আছে, এইখনেই ভাৰত৷ তেনেদৰে ডেনমার্কৰ ৰাষ্ট্রদূত এফ শ্বানে কয়– মানৱ জাতিক সহায় কৰিবৰ বাবে আপোনালোকে কিদৰে ক’ভিড–১৯ৰ যুঁজত উৎসর্গিত কৰিছে, ইয়ালৈ আহি গম পোৱাই নহয়, অনুপ্রাণিত হৈছোঁ৷

You might also like