নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি পূজনত ভিডিঅ’ যোগে অংশ ল’ব আদৱানিয়ে

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ ৰাম জন্মভূমি আন্দোলনৰ নেতা তথা বিজেপিৰ প্রবীণ নেতা এল কে আদৱানি আৰু মুৰলী মনোহৰ যোশীয়ে ৰাম মন্দিৰৰ ভূমি পূজন কার্যসূচীত ভিডিঅ কনফাৰেঞ্চযোগে অংশ ল’ব৷ অহা ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভূমি পূজনেৰে ৰাম মন্দিৰ নির্মাণৰ আধাৰশিলা স্থাপন কৰিবলগীয়া এই কার্যসূচীত সোঁশৰীৰে উপস্থিত হোৱাৰ বাবে আদৱানি আৰু যোশীক আমন্ত্রণ জনোৱা হোৱা নাই যদিও ভিডি’ কনফাৰেঞ্চযোগে এই ভূমি পূজনত অংশ লোৱাৰ সুবিধা প্রদান কৰা হ’ব৷ দুই নেতাৰ উপৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা আৰু হিন্দুত্ব আন্দোলনৰ নেতাক ভিডিঅ’ কনফাৰেঞ্চযোগে অংশ লোৱাৰ সুযোগ দিব বুলি ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে প্রকাশ কৰিছে৷ উক্ত দিনা প্রধানমন্ত্রী মোদীৰ সৈতে এই ভূমি পূজন কার্যত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত উপস্থিত থাকিব৷ উল্লেখ্য যে একাংশ সংবাদ মাধ্যমত আদৱানি আৰু যোশীক এই উৎসৱলৈ আমন্ত্রণ নকৰা বুলি বাতৰি প্রচাৰ হৈছে৷ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা ৰাম জন্মভূমি আন্দোলনৰ নেত্রী উমা ভাৰতী আৰু উত্তৰ প্রদেশৰ প্রাক্তন ৰাজ্যপাল কল্যাণ সিঙক আমন্ত্রণ জনোৱা হৈছে বুলি প্রকাশ পাইছে৷ উল্লেখ্য যে বাবৰি মছজিদ ধ্বংস গোচৰত এল কে আদৱানি আৰু মুৰলী মনোহৰ যোশীৰ ভাষ্য বিগত সপ্তাহত চিবিআইৰ বিশেষ আদালতে ভিডি’ কনফাৰেঞ্চযোগে লিপিবদ্ধ কৰিছে৷ তেনেদৰে উমা ভাৰতীৰ ভাষ্যও একেই পদ্ধতিৰে লিপিবদ্ধ কৰা হৈছে৷ বাবৰি মছজিদ গোচৰত জড়িত থকাৰ বাবে এই নেতাকেইগৰাকীক আমন্ত্রণ জনোৱা–নজনোৱা বিষয়টো চর্চা হৈ আছে৷ আনহাতে, অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনক লৈ প্রশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ সমান্তৰালকৈ ভক্তগণৰ মাজত উৎসাহ তুংগত উঠিছে৷ ভূমি পূজনৰ পূর্বে অযোধ্যাৰ দেৱৰাহা হংসবাবা সংস্থানৰ দ্বাৰা মণিৰাম দাস ছাউনীত ১ লাখ ১১ হাজাৰ লাড়ু প্রস্তুত কৰি আছে৷ এই লাড়ু ভূমি পূজন কার্যসূচীত ভগৱান ৰামক প্রার্থনাৰ বাবে প্রসাদত আগবঢ়োৱা হ’ব৷

You might also like