ভয়ংকৰ পৰিণাম ভূগিব লাগিব ৰাছিয়াই, কি কৰিব বাইডেনে
বিশেষ বাৰ্তা,২৪ফেব্ৰুৱাৰীঃ ইউক্রেইনৰ বিৰুদ্ধে আক্ৰমণ চলোৱা ৰাছিয়াই ইয়াৰ পৰিনাম ভূগিব লাগিব। এই আক্ৰমণ প্রৰোচনাহীন তথা অযৌক্তিক। ৰাছিয়াৰ সামৰিক অভিযানত ইউক্ৰেইনৰ বিভিন্ন অঞ্চল কঁপি উঠাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াক নিন্দা কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে।
যুদ্ধ আৰম্ভ হৈ গৈছে ৰাছিয়া-ইউক্রেইনৰ মাজত। ইউক্রেইনৰ সেনাক ৰুছ ৰাষ্ট্ৰপতিয়ে অস্ত্র এৰাৰ নির্দেশ দিয়েই আক্ৰমণ আৰম্ভ কৰিছে। ইয়াৰ তাংক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পুটিনে এই পদক্ষেপৰ বাবে মূল্য ভৰিব লাগিব। এই যুদ্ধই ইউক্রেইনত মৃত্যু মিছিল সৃষ্টি কৰিব আৰু তাৰ বাবে গোটেই বিশ্বই দায়ী কৰিব ৰাছিয়াক। ইয়াৰ আগেয়েও আমেৰিকাই বাৰম্বাৰ সতর্ক কৰি দিছিল ৰাছিয়াক। ৰাছিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব সেয়া অতি শীঘ্ৰেই ঘোষণা কৰিব বাইডেনে।