বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণা, ৩টা পৰ্যায়ত হ’ব নিৰ্বাচন
নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ কৰ’নাই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণা। ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভাৰ নিৰ্বাচন। অহা ২৮ অক্টোবৰ ৩ নৱেম্বৰ আৰু ৭ নৱেম্বৰত ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১০ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।
মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই নতুন দিল্লীত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে।ভোটদানৰ সময়সীমা পুৱা ৭ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ। ভোটদান আৰু নিৰ্বাচনী প্ৰচাৰৰ সন্দৰ্ভতো বিশেষ সুৰক্ষা প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।
ভোটদানৰ সময়সীমাৰ ৫ বজাৰ পৰা ৬ বজালৈ ক’ৰোনাত আক্ৰান্তলোকসকল আৰু কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে ৰখা হৈছে। ২৯ অক্টোবৰত সমাপ্ত হ’ব বিহাৰ বিধানসভাৰ কাৰ্যকাল।