নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত জেডি(ইউ) নহয় বিজেপিৰ বিৰুদ্ধে হ’ব আৰজেডিৰ যুঁজ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে দেশৰ নির্বাচন আয়োগে৷ ২৪৩ আসন বিশিষ্ট বিহাৰ বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণা হোৱা সময়তে আৰজেডি নেতা তেজস্বী যাদৱে আজি উল্লেখ কৰিছে যে বর্তমানৰ চৰকাৰখনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণে পৰিত্রাণ বিচাৰি আছে৷ আৰজেডিয়ে আগন্তুক নির্বাচনত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰিছে তেজস্বী৷ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জনতা দল (ইউ) লক্ষ্য নহয় বুলি উল্লেখ কৰি তেজস্বীয়ে কৈছে যে আৰজেডিৰ মূল যুঁজ হ’ব বিজেপিৰ বিৰুদ্ধে৷ নির্বাচন আয়োগে আজি ৰাজ্যখনত বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণা কৰা বিষয়টোক আদৰণিও জনাইছে তেজস্বীয়ে৷ ইফালে, বিজেপিয়ে উল্লেখ কৰিছে যে আগন্তুক বিহাৰ বিধানসভা নির্বাচনত এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ নীতিশ কুমাৰ ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হ’ব বুলিও বিজেপিয়ে দাবী কৰিছে৷

You might also like