নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰ্চাত লংগি ভূঞাঃ ৩০ বছৰ ধৰি নলা খান্দি গাঁৱলৈ আনিলে পানী

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ “Manjhi – The Mountain Man” বলীউডৰ এই চিনেমাখন হয়টো আপুনি চাইছে। এটা পথৰ বাবে এখন দুৰ্লংঘ পাহাৰ ভাঙিছিল মাঞ্জি নামৰ এজন লোকে। কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এজন মাঞ্জি। তেওঁ হ’ল লংগি ভূঞা।

কিয় চৰ্চাত লংগি ভূঞা ?

 বিহাৰৰ গয়া (Gaya) জিলাৰ পৰা ৮০ কিলোমিটাৰ দূৰৈত পাহাৰৰ টিলাত অৱস্থিত কোঠিয়ালা গাঁও। মাওবাদী (Maoists) অধ্যুষিত অঞ্চলটো চাৰিওদিশে ঘন জংঘলৰে ভৰা। গোটেই গাঁওখনত এশৰো অধিক লোকৰ বসতিস্থল। কিন্তু তাৰ পাছতো এঘৰ মানুহৰো নাই পানীৰ ব্যৱস্থা।

এইক্ষেত্ৰত কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ। ইয়াৰ বাবে এই দায়িত্ব নিজেই মূৰ পাতি লৈ  লংগি ভূঞাই পাহাৰৰ পৰা বৈ অহা পানীক নিজ অঞ্চললৈ বোৱাই আনিবলৈ ৩০ বছৰ জুৰি খান্দিছিল এটা বৃহৎ নলা।

 লাথুয়া অঞ্চলৰ কোঠিয়ালা গাঁৱৰ বাসিন্দা লংগি ভূঞাই পানী পাবৰ বাবে প্ৰায় ৩ কিলোমিটাৰ দৈঘ্যৰ নলা খান্দি উলিয়াইছিল পাহাৰৰ মাজেৰে।

এনেদৰে বিগত ৩০ বছৰ জুৰি এটুপি খোৱা পানীৰ বাবে সংগ্ৰাম কৰিছিল ভূঞাই। তেওঁৰ এই কীর্তি চাৰিওপিনে প্রকাশ হোৱাৰ পাছতেই ব্যাপক চৰ্চা লাভ কৰিছে এতিয়া ছ’চিয়েল মিডিয়াতো।

You might also like