নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রবীণ সাংবাদিক বিনোদ ডুৱাৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: দেশৰ প্রবীণ সাংবাদিক বিনোদ ডুৱাৰ শনিবাৰে পৰলোকপ্রাপ্তি হয়৷ দূৰদর্শন আৰু এনডি টিভি ইণ্ডিয়াৰ সাংবাদিক হিচাপে দেশজুৰি চর্চিত আৰু প্রশংসিত প্রবীণ সাংবাদিক বিনোদ ডুৱাৰ কালি নতুন দিল্লীৰ এপ’ল’ হাস্পতালত বিয়োগ হয়৷ ৬৭ বছৰীয়া সাংবাদিক ডুৱাক যোৱা সপ্তাহত দিল্লীৰ এপ’ল’ হাস্পতালৰ আইচিইউত ভর্তি কৰাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটি কালি বিয়োগ হয়৷

চাৰি দশকজোৰা ভাৰতীয় সংবাদ ক্ষেত্রখনত বৰঙণি আগবঢ়োৱা প্রবীণ সাংবাদিক ডুৱাক ২০০৮ চনত কেন্দ্রীয় চৰকাৰে পদ্মশ্রী বঁটাৰে সন্মানিত কৰাৰ পূর্বে সংবাদ জগতখনত আগবঢ়োৱা অৱদানৰ বাবে অনেক সন্মান লাভ কৰাৰ লগতে ১৯৯৬ চনত প্রথমগৰাকী বৈদ্যুতিন মাধ্যমৰ সাংবাদিক হিচাপে ৰামনাথ গোৱেংকা এক্সচিলেঞ্চ বঁটা লাভ কৰে৷ সংবাদ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত মুম্বাই প্রেছ ক্লাবে ৰেডলিং বঁটাৰে সন্মানিত কৰে ডুৱাক৷ ১৯৫৪ চনৰ ১১ মার্চত জন্মগ্রহণ কৰা বিনোদ ডুৱাই দিল্লীৰ শৰণার্থী কলনীত ডাঙৰ–দীঘল হৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছতে ১৯৭৪ চনত প্রথমবাৰৰ বাবে দূৰদর্শনৰ যুৱ মঞ্চত আত্মপ্রকাশ কৰে৷ পৰৱর্তী সময়ত দূৰদর্শনত বিভিন্ন কার্যসূচীত নিজৰ প্রতিভা বিকাশ ঘটোৱাই প্রতিষ্ঠিত সাংবাদিক হিচাপে স্বীকৃতি লাভ কৰে৷ দূৰদর্শনৰ লগতে এনডি টিভিত সাংবাদিক হিচাপে কার্যনির্বাহ কৰা ডুৱাই টিভিৰ কেইবাটাও চেনেলত কার্যসূচীৰ আঁত ধৰে৷

You might also like