নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ষণত অভিযুক্ত বিছপ মুলাক্কালৰ জামিন মঞ্জুৰ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ কেৰালাৰ এগৰাকী খ্রীষ্টান সন্ন্যাসিনী নান ধর্ষণৰ গোচৰত অভিযুক্ত বিছফ ফ্রাংকো মুলাক্কালৰ জামিন মঞ্জুৰ কৰিছে বিচাৰাধীন আদালতখনে৷ আদালতখনে এইক্ষেত্রত বিছপ ফ্রাংক মুলাক্কালক কঠোৰ চর্ত বান্ধি দিছে৷ গোচৰটোৰ শুনানিৰ প্রতিটো দিনতে আদালতত হাজিৰ হ’ব লাগিব অভিযুক্ত বিছপগৰাকী৷ উল্লেখনীয় যে বিচাৰ প্রক্রিয়াত উপস্থিত নথকা বাবেই ১৩ জুলাইত অতিৰিক্ত সত্র ন্যায়ালয়ে বিছপ মুলাক্কালৰ জামিন বাতিল কৰিছে৷ তাৎক্ষণিকভাৱে আদালতখনে বিছপগৰাকীৰ বিৰুদ্ধে জাৰি কৰিছিল জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা৷আজি আদালতখনে মুলাক্কালৰ উপস্থিতিত জামিন মঞ্জুৰ কৰিছে যদিও কেৰালাৰ পৰা বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্রত তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ১৩ আগষ্টত গোচৰটোৰ চার্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে৷ স্মর্তব্য যে ১৩ জুলাইত ক’ভিড–১৯ত সংক্রমিত হোৱাৰ বাবে মুলাক্কাল আদালতত উপস্থিত থকাৰ পৰা বিৰত আছিল।

You might also like