নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭০সংখ্যক জন্মদিন উপলক্ষে অহা ১৪–২০ ছেপ্টেম্বৰলৈ ‘সেৱা সপ্তাহ’ হিচাপে পালন কৰিব বিজেপিয়ে৷ প্রধানমন্ত্রী মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰটো বিজেপিয়ে ইতিমধ্যে দেশজুৰি উদ্যাপন কৰি অহাৰ সমান্তৰালকৈ জন্মৰ সপ্তাহটিও বিজেপি দলে পালন কৰে৷
মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রতি লক্ষ্য ৰাখি সেৱা সপ্তাহ পালন কৰিলেও বৃহৎ কার্যসূচী কিম্বা বিশাল সমাৱেশৰ আয়োজন নকৰে বিজেপিয়ে৷ এই সপ্তাহজুৰি বিজেপিয়ে মাস্ক, ছেনিটাইজাৰ আৰু ঔষধ বিতৰণ কৰিব৷ সমর্থকসকলে ৰক্তদান শিবিৰ আয়োজন কৰি দেশবাসীক ৰক্তদানৰ বাবে সজাগ আৰু অনুপ্রাণিত কৰাৰ চেষ্টা চলাব৷
বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই এই সন্দর্ভত ইতিমধ্যে দলীয় শীর্ষ নেতাৰ লগতে কর্মকর্তাৰ সৈতে কার্যসূচী সন্দর্ভত আলোচনা কৰিছে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে ৬৯সংখ্যক জন্মদিনত ঘৰুৱা ৰাজ্য গুজৰাট ভ্রমণ কৰি মাতৃৰ আশীর্বাদ গ্রহণ কৰিছিল৷ উক্ত দিনা বিশাল আয়োজনৰ পৰা বিৰত আছিল৷