নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিছোদিয়াৰ বাসভৱনত বিজেপি কর্মীৰ আক্রমণ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ  দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়াৰ বাসভৱনত বিজেপি কর্মীয়ে আক্রমণ চলোৱাৰ অভিযোগ আনিছে আম আদমী পার্টীয়ে (আপ)৷ আপৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়া টুইটাৰযোগে অভিযোগ কৰা হৈছে যে মনীষ ছিছোদিয়াৰ পৰিয়ালৰ ওপৰত বিজেপিৰ দুর্বৃত্তই আক্রমণ চলোৱাৰ সময়ত আৰক্ষী নীৰৱ দর্শক হৈ থাকে৷ দিল্লীত বিজেপিৰ এনে কাণ্ডক লৈ তীব্র ক্ষোভ উজাৰিছে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷

অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ দিল্লী আৰক্ষীয়ে ৬জন লোকক গ্রেপ্তাৰ কৰিছে৷ ঘটনাটোক লৈ সমগ্র দিল্লীত উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়তে আপৰ মুখপাত্র সৌৰভ ভৰদ্বাজে এক সংবাদ মেলত অভিযোগ কৰিছে যে ছিছোদিয়াৰ বাসভৱনত বিজেপিৰ কর্মীসকলক প্রৱেশ কৰাৰ ক্ষেত্রত কোনোধৰণৰ বাধা প্রদান কৰা নাছিল আৰক্ষীয়ে৷

আনকি আৰক্ষীয়ে বাসভৱনৰ চৌদিশে থকা বেৰিকেড পূর্বেই আঁতৰ কৰিছিল৷ ভৰদ্বাজে সংবাদ মেলত ছিছোদিয়াৰ বাসভৱনত চলা আক্রমণৰ এক ভিডি’ মুকলি কৰি দিয়ে৷ এই ভিডি’ত দেখিবলৈ পোৱা গৈছে ছিছোদিয়াৰ বাসভৱনত বলপূর্বক প্রৱেশ কৰিছে একাংশ লোকে৷ অৱশ্যে আক্রমণৰ সময়ত ছিছোদিয়া বাসগৃহত উপস্থিত নাছিল

You might also like