নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ জ্যেষ্ঠ নেতা সত্যদেৱ সিঙৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা গোণ্ডা সমষ্টিৰ প্রাক্তন সাংসদ সত্যদেৱ সিঙৰ কালি নিশা ক’ভিড–১৯ত দেহাৱসান ঘটিছে৷ দলৰ এগৰাকী অন্যতম জ্যেষ্ঠ নেতা আছিল সত্যদেৱ সিং৷ গুৰগাঁৱৰ মেডাণ্টা হাস্পতালত চিকিৎসাধীন হৈ আছিল সত্যদেৱ সিং৷ স্মর্তব্য যে বিজেপিৰ অনুশাসন কমিটীৰ অধ্যক্ষ সত্যদেৱ সিং কেইদিনমান পূর্বে ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ ১৯৭৭ চনত গোণ্ডা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় লোকদলৰ প্রার্থী হিচাপে প্রথমবাৰ সংসদলৈ নির্বাচিত হৈছিল সত্যদেৱ সিং৷ ১৯৯১ আৰু ১৯৯৬ চনত বলৰামপুৰ সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী হিচাপে সংসদলৈ নির্বাচিত হৈছিল নেতাগৰাকী৷ স্মর্তব্য যে ১৯৮০ৰ পৰা ১৯৮৫ চনলৈ ভাৰতীয় জনতা যুৱ মর্চাৰ ৰাষ্ট্রীয় সভাপতিৰ দায়িত্বতো আছিল সত্যদেৱ সিং৷ আজি নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে বিজেপিৰ শীর্ষ নেতৃত্ব তথা প্রধানমন্ত্রী মোদীয়ে৷ অতি বিনয়ী তথা মিষ্টভাষী সিং দলৰ নেতা–কর্মীসকলৰ মাজত অতি জনপ্রিয় আছিল৷ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ গুৰুত্বপূর্ণ কমিটীৰ এগৰাকী সদস্যও আছিল সিং৷

You might also like